Skip to main content

সূৰ্যাস্ত ---THE TALE OF SUNSET

 


:সূৰ্যাস্ত মোৰ ভীষণ প্ৰিয়,সেন্দুৰীয়া বেলিটোক চোলাৰ জেপতেই ভৰাই লৈ ফুৰিবলৈ খুব মন যায় মোৰ।

     ... নিষ্পাপ এটি শিশুৱে মাকৰ ওচৰত কৰা আব্দাৰৰ দৰেই শুনা গৈছিল তাৰ কথাবোৰ...

:আৰু কি কি মন যায় তোমাৰ?...হাঁহি হাঁহি তাক সুধিছিলো মই।

     এই ল'ৰাটো বৰ বিচিত্ৰকৰ,কি কি যে তাৰ চখবোৰ। হঠাৎ গহীন হৈ পৰিছিল সি,মোৰ হাতখন জোৰকৈ চেপি ধৰি কৈছিল,

: মন যোৱা কথাবোৰ মনতেই শেষ হৈ যোৱা উচিত,বাস্তৱত ৰূপায়ণ কৰিবলৈ যোৱা বাটটোত কাঁইটৰ বাদে আন একো নাই।

: মানুহে কয় সূৰ্যাস্ত চাব নাপায়।

:এৰা! আমিও চাগৈ পায়-নাপায়ৰ যুঁজখনতেই হাৰি হেৰুৱাবলৈ ওলাইছো ইজনে আনজনক।

  ...সেইদিনা মই তাক একো উত্তৰ দিব পৰা নাছিলোঁ,আনদিনাৰ দৰে যুক্তিৰ ওপৰত যুক্তি দি তাৰ সৈতে তৰ্কত লিপ্ত হ'ব পৰা নাছিলোঁ। জানিছিলো, ইয়াৰ পাছত হয়তো আৰু কোনোদিনেই আমি একেলগে চাই ৰ'ব নোৱাৰিম চিনাকী পুখুৰীৰ পাৰৰ সূৰ্যাস্ত।




আজি সুদীৰ্ঘ ত্ৰিশটা বসন্তৰ  পাছত আমি আকৌ লগ হৈছোঁ কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি ইজনে আনজনৰ ওচৰত...


: কেৱল ভালপোৱাখিনিৰেই আমি কিয় থাকিব নোৱাৰিলো একেলগে?

: ভালপোৱাখিনিক নামাকৰণ কৰাৰ চেষ্টাত তুমিয়েইচোন উঠি পৰি লাগিছিলা তেতিয়া?

:তুমি কেনেকৈ সলনি নোহোৱাকৈ থাকি গ'লা?

:কথা দিছিলো,কোনো কাৰণ নোহোৱাকৈ ভালপাই থাকিব পাৰিম তোমাক আজীৱন।

: মই কিয় নোৱাৰিলো? 

: কাৰণ তুমি কাৰণ বিচাৰি ৰৈ গ'লা মোক ভালপাই থাকিবলৈ গোটেই জীৱন।


....একো নভবাকৈ ওচৰ চাপি গৈছিলোঁ তাৰ ৰূপালী হ'বলৈ আৰম্ভ কৰা চুলিকেইডাললৈ চায়। কঁপি থকা তাৰ হাতখন ধৰি ক'লো,

:অ' মোৰ সহযোগী...হাতে হাত ধৰি চাই ৰ'ম সূৰ্যাস্তৰ শেষ আভা আমি।


Comments

Popular posts from this blog

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...

মেটামৰ্ফ'ছিছ(Metamorphosis)

%মেটামৰ্ফ'ছিছ% প্ৰকাশ: সাপ্তাহিক জনমভূমি ============ প্ৰায় দুঘন্টা ধৰি টেবুলৰ কাষত বহি থকাৰ পাছত উচাট মাৰি উঠি গুচি আহিলো বাহিৰলৈ...নাই আজিও একো লিখা নহ'ল! আজি কেইবামাহ ধৰি এয়াই হৈ আহিছে; মই যেন হেৰাই গৈছো ক'ৰবাত। সিখনৰ পাছত সিখন ডায়েৰীৰ ফালি পেলোৱা পৃষ্ঠাই ডাষ্টবিন শুৱনি কৰিছে। বাহিৰত ৰ'দ নাই।মোৰ মনটোৰ দৰেই বতৰটোও গোমা। হয়তো অলপ পাছত বৰষুণ দিব। ঠাণ্ডা নামিছে অলপকৈ। শ্বল্ এখন লৈ ওলাই আহিলো মই। অলপ বহিবলৈ মন গ'ল;এনেয়ে অলপ সময় একো নভবাকৈ! কিন্তু নভবাকৈ জানো থাকিব পাৰি? মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ খুবেই যে কঠিন! একাপ চাহ খাম নেকি?অথবা একাপ ব্লেক্ কফি? নাই নাখাওঁ...এনেয়েই নিদ্ৰাহীনতাত ভুগিছে আকৌ তাত নতুনকৈ অৰিহণা যোগাবলৈ ইচ্ছা নগ'ল মোৰ। পেনিক্ ডিচঅৰ্ডাৰ এণ্ড হুৱাট্ নট্! ভাবিবলৈ মন নগ’ল মোৰ। থাকক...অলপ সময় এইদৰেই বহা যাওঁক। কথাবোৰ আওঁৰাই থাকিবলৈ ভাল লাগে এইদৰেই। দূৰত কৰবাত হয়তো শেৱালি সৰিছে; সুবাস এটা আহি নাকত লাগিল মোৰ। ঠিক তেনেতেই ফোনটো বাজি উঠিল!অনিচ্ছা সত্ত্বেও জনপ্ৰিয় আলোচনীখনৰ সম্পাদকৰ ফোনটো ৰিচিভ কৰিলো। :কিবা লিখা হ'লনে? : নাই দাদা! :আচলতে তোমাৰ হৈছে কি...