Skip to main content

ফিনিক্স চৰাইৰ গান-The song of a phoenix

 ফিনিক্স চৰাইৰ গান



আন্ধাৰত ডুব গৈ থকা কোঠাটোত লাহে লাহে সূৰুযৰ প্ৰথম ৰেঙণি কেইডালমান বাঁহৰ বেৰৰ ফাঁকেৰে সৰকি আহিছিল। অলপ পাছত মায়ে আহি খিৰিকীৰ চিটকাণী ডাল খুলি খিৰিকীখন মেলি দিয়াত পোহৰ হৈ পৰিছিল কোঠাটো। চকুত ঘপহকৈ চাত মাৰি ধৰা পোহৰত খপজপকৈ সাৰ পাই বিচনাতে বহিলো।


মায়ে মোৰ মুখলৈ চালে। মই ও চালোঁ; বয়সতকৈ আগতেই বৃদ্ধ হোৱা মোৰ পঞ্চাশ বছৰীয়া মা।

ঠিক মই ভবাৰ দেই একো নামাতি লাহেকৈ ওলাই গ'ল মা কোঠাটোৰ পৰা। 


 জানো একো নকয় তেওঁ। মাত্ৰ অলপ দেৰীৰ পাছতেই নেমু চৰ্বত এগিলাছ বনাই আনি দি যাব মোক। লাহেকৈ উঠি গৈ মুখখন ধুলো। ঘড়ীটোলৈ চালোঁ;দিনৰ দুই বাজিছে। 


বহুত দেৰি হৈ গৈছিল ইতিমধ্যে।লৰালৰিকৈ মায়ে যতনাই দিয়া চৰ্বত গিলাচ পি চকীত পৰি থকা চাৰ্টটো পিন্ধি ওলাই গ'লো। 


"একেটা চাৰ্ট আজি এসপ্তাহ ধৰি পিন্ধি আছে! ধুই দিম বুলি ভাবিছিলো আজি। মানুহ কেনেকৈ ইমান লেতেৰা হ'ব পাৰে!"

... ভিতৰৰ পৰা মায়ে কোৱা কথাকেইষাৰ আহি কাণত পৰিছিল যদিও উলটি গৈ তাৰ উত্তৰ দিবলৈ মোৰ সময় নাছিল। 



আধা ৰাস্তাত বাইকখন বন্ধ হৈ গ'ল। পৰহিয়েই তেল ভৰোৱা, শেষ চাগৈ। তেল দীপুত আকৌ ধাৰ কৰিবলৈ থেলি লৈ গৈ থাকিলো বাইকখন। 


:সদায় সদায় আৰু কিমান ধাৰলৈ দিম দাদা। মালিকে কথা শুনাই মোক; নোৱাৰিম দাদা চাকৰি পৰা খেদি দিব মোক।

:তোক লেক্সাৰ দিবলৈ কোৱা নাই! তেল দে। বাকী তোৰ চাকৰি মোৰ ওপৰত এৰি দে। মালিকক কৈ দিবি মই কোন!


একো নামাতি তেল দুইলিটাৰ ভৰাই দিলে ৰণীয়ে।


কলেজৰ সমুখ পালোগৈ। আৰু কেইটামানদিনৰ পাছত কলেজ ইলেক্চন্। উৎকণ্ঠা,ভয় সকলোৱে যেন একেলগে আহি ধৰা দিছেহি মোক; সংগঠনত যোগ কৰা পাছৰ পৰাই প্ৰতিবছৰে এয়াই হৈ আহিছে। এইবাৰৰ ফলাফল কি হ'ব মই নাজানো, মাত্ৰ মনে প্ৰাণে বিচাৰি আছো মোৰ আশেপাশে থকা মানুহবোৰ কুশলে থাকক। নিৰ্বাচনৰ নামত হোৱা অভদ্ৰামীৰ চূড়ান্ত পৰ্য্যায় আজি কেইবাটাও বছৰে দেখি আহিছো। কালি ৰাতিও বহুকেইখন তৰ্ক হৈ গৈছে বিপৰীত পাৰ্টীৰ লগত। 


"সংযম হ'বলৈ নিশিকাৰ বাবেই তোৰ যতমানে অশান্তি..." মায়ে সদায়েই কৈছিল। আজিকালি অৱশ্যে ক'বলৈ বাদ দিছে মায়ে মোক কোনো কথা।



:অহ! তই হ'বলা আহি ইয়াত ভাব সাগৰত ডুবি আছহি?


অৰণ্য দাদা ৰ মাতত হে যেন হুচ্ আহিল মোৰ। জ্বলাই লোৱা চিগাৰেট্ টো প্ৰায় হাততেই শেষ হ'ল! 


:বৌ চিগাৰেট্ আৰু এটা দিয়ক।

:কিমান সদায়েই বাকী দিম? যোৱা মাহৰ পইছাও তুমি দিয়া নাই।

:আৰে বৌ দিয়ক না...দিমটো! এদিন বহুত ধনী হৈ যাম চাব তেতিয়া ডনেট্ কৰিম আপোনাৰ দোকানত টকা!

:এ হৈছে হৈছে দিয়া! লোৱা ...!


খঙত বৌৰ মুখখন ৰঙচুৱা হৈ পৰা ভালকৈয়ে দেখিছিলো, উপায় নাছিল। চিগাৰেট্  নহ'লে দিন নচলে আৰু হাতত টকা নাই!




:কেতিয়া আহিলা তুমি?

:হ'ল অলপ দেৰী।

:মই ও অলপ আগত!

:আৰু অহাৰ পৰা এইদৰে কি ভাবি আছিল আপুনি?

হাঁহি হাঁহি অৰণ্য দাদাই সোধা প্ৰশ্নটোত উত্তৰ দিবলৈ মোৰ একো নাছিল আচলতে।


:বাদ দিয়া, কাম কিমান হৈছেগৈ?

:প্ৰায় শেষেই হৈছে, অপেন্ কেম্পেইনিং ভাল হৈছে যথেষ্ট, আমাৰ প্ৰাৰ্থীৰ পৰা কিবা এটা আশা কৰিব পাৰি! 

:আশা?? হাঃ হাঃ হাঃ  ...!!!

:বাদ দে কিবা এটা খাই আহো ব'ল।

:আকৌ বাকীত ৰমেন খুৰাৰ ঘুমটি নে?

:আৰু নো কি কৰিবি,হাতত পইছা অলপো নাই! 

:ব'লা।


ৰমেন খুড়াই আগবঢ়াই দিয়া শুকান ৰুটি আৰু ঘুগুনীৰ প্লেটখন দেখি উমান পালো মোৰ ভোক লাগিছিল।

কেঁচা পিয়াজ টুকুৰাত একামুৰ মাৰি অৰণ্য দালৈ চালো। খোৱাত ব্যস্ত সি। দেখিলেই জনা যায় কালিৰ পৰা একো খোৱা নাই সি।


:এইদৰে আৰু কিমান দিন অৰণ্য দা? 

:মানে?

:সকলো জানিও নজনাৰ ভাওঁ নধৰিবা।

:আস! নাজানো ।।


জানো ; সি একো উত্তৰ নিদিয়ে। আচলতে উত্তৰ বুলিবলৈ একোৱেই নাই। জীৱনটো আউল লাগে এইদৰেই হয়তো! হয়তো সেইবাবেই মাজে মাজে ডায়েৰীত লিখো…"I am f****** done with this life!"

কথাই প্ৰতি হতাশা, কথাই প্ৰতি নিজৰ সৈতে অভদ্ৰামী কৰাতো স্বভাৱত পৰিণত হৈছে যেন এতিয়া!


ৱাট্চএপ ৰ নটিফিকেচনৰ্ টন্ টোত উলিয়াই চালো মবাইলটো।


ৰঞ্জনাৰ মেছেজ।

" আবেলি ওলাই যাম,দেৰী নকৰিবি" 

ৰিপ্লাই দিয়াৰ প্ৰয়োজনবোধ নকৰিলো, কাৰণ তাই মোৰ উত্তৰ বা ৰিপ্লাই লৈ বাট নাচায়, মাত্ৰ আদেশ দিয়ে! 

হাঁহি এটা বাগৰি গৈছিল হয়তো মোৰ ওঁঠৰ ওপৰেদি! 


'ৰঞ্জনা'... জীৱনটোৰ পৰা কোনোদিন হয়তো মুচি পেলাব নোৱাৰাকৈ বুকুৰ নিভৃত কোণত  খুদিত হোৱা এটা নাম। প্ৰেম? আস নহয়! এখন মুকলি আকাশ; মোৰ ৰসহীন জীৱনটোৰ প্ৰিয়বন্ধু তাই। একো স্বাৰ্থ নোহোৱাকৈ চলি গৈ থকা এটা সম্পৰ্ক। প্ৰেমতকৈ উৰ্ধ্ধত এই সম্পৰ্ক; সেয়া আমি জানো । 

কষ্টৰ সময়বোৰত মই  তাইৰ কাষলৈ যাওঁ ; হাউলি পৰা গছ এজোপাৰ দৰেই তুলি ধৰে তাই মোক, 

বুজাই বঢ়াই সাহসৰ মসৃণ বাটটোৰ ৰেখা এডাল টানি দিব পাৰে অনায়াসে তাই মোৰ সমুখত। কোনো আশা অথবা আকাংক্ষা নোৱাৰাকৈ সামৰি ৰাখে তাই মোক। তাই জানে এই বেছিজিল ল'ৰাটোৰ হুমুনিয়াহবোৰৰ আঁৰৰ কথা। তাই জানে সমাজক লৈ থকা মোৰ সপোনবোৰৰ কথা।


:মোক আচলতে এটা বন্দুক লাগিছিল!

:মোক গুলিয়াবলৈ নে?

:ধৈ!!!

:কৈ যা

:কি ক'ম তই কি নাজান?

:নাজানো

:জানিবি নো কেনেকৈ! কিবা জানো খবৰ ৰাখ তই? দেশখনত কি হৈ আছে?

:কি কৰিম মই জানি? তোৰ ভাষাতটো মিডিল্ ক্লাচ্ চেন্টিমেন্ট্ লৈ জীয়াই আছো মই!

:সেই কোনোবা যুগতেই খঙত কোৱা কথাষাৰ আজিলৈকে ভাল মনত ৰাখি থৈছ!

:মনত ৰাখিবলগীয়া।

:মই মাত্ৰ তোক সেইদিনা আমাৰ ধৰ্ণা কাৰ্যসূচীৰ বাবে তোৰ চিনাকীখিনিক আহিবলৈ ক'বলৈ কৈছিলো; তোৰ চিনাকী যথেষ্ট আছিল তেতিয়া  কলেজত।

:তোক প্ৰথমৰপৰাই কৈ আহিছো ঋ... তোৰ ৰাজনৈতিক মেৰপাকলৈ মোক নাটানিবলৈ।

:হ'ব মোৰ গোঁসানী মোৰেই যত ভুল!

:মেইন কথা ক...কি ক'বলৈ লৈছিলি?

:চা...আজি কিমানটা বছৰে চৰকাৰখনে আমাক অকল শোষণ কৰি আছে, নিজকেই চা ইমান গাল পাৰচেন্টেজ লৈও তই চাকৰি এটা পাম বুলি ক'ব নোৱাৰ ! আৰু এনেকৈয়ে 1947ৰ স্বাধীনতাৰ পাছত.... ...

:এই ৰহ অ'! হ'লনে আৰু তোৰ! মা কছম বে! মেজাজটো গৰম হৈ থকাত ওলাই আহিছিলো তোৰ লগত আৰু আৰম্ভ কৰি দিলি তোৰ বিপ্লৱী কন্ঠ! প্লিজ নট্ নাও!

:অকে! 

:মুখ নুফুলাবি প্লিজ এতিয়া; আই নিড্ এ চিগাৰেট্! 


পকেটৰ পৰা চিগাৰেট্ এটা উলিয়াই জ্বলাই আগবঢ়াই দিলো তাইক; মাজে মাজে মোক সাহস দি থকা ছোৱালীজনী এইদৰে ভাগি যায়। কেতিয়াবা যদি পঢ়াৰ প্ৰেছাৰ,কেতিয়াবা চাকৰি,কেতিয়াবা ঘৰৰ সমস্যা আৰু কেতিয়াবা পাহৰিব নোখোজা তাইৰ অতীত।


থাকক তাইৰ কথাবোৰ তাই বিচৰাৰ দৰে মেলিব নোখোজা পৃষ্ঠা কেইটাই হৈ থাকক।

মই জ্বলাই দিয়া চিগাৰেট্ টো হুপি হুপি তাই চাই থাকে চিনাকী ঘাটৰ সূৰ্যাস্ত। আমি কথা পাতিবলৈ প্ৰায়েই এই ঘাটলৈ আহো। ৰঞ্জনাৰ সূৰ্যাস্ত খুব প্ৰিয় আৰু এই ঘাট চিনাকী ঘাট।


:পৰহিলৈ ইলেকচন! 

:জানো। 

:হুমমম; আমি জিকিম নে?

:কথাবোৰ তই ভবাৰ দৰেই হওঁক ।


ঠিক তেনেকুৱাতেই ফোনটো বাজি উঠিল।


Incoming call….

অৰণ্য দা...


ঔষধ-ছেলাইনৰ সংমিশ্ৰিত মৃত্যুময় গোন্ধ এটা থেলি হেচি আগুৱাই গ'লো। মোৰ লৰালৰি দেখি কৰিডৰটোৰে পাৰ হৈ যোৱা নাৰ্চ দুজনীয়ে ঘপহকৈ ৰৈ মোৰ ফালে চাই ৰ'ল। ৰুম নাম্বাৰ 39,38,36...34!

অপিদিৰ 34 ৰুমটোলৈ সোমাই গ'লো। 


মূৰত বেণ্ডেজ লগাই হস্পিতেলৰ বেডত শুই আছে সুমন। বেডৰ এমোৰে তলমূৰ কৰি অৰণ্য দাক বহি থকা দেখা গ'ল। ইটো মূৰে সুমনৰ কন্দনামুৱা হৈ বহি আছে সুমনৰ মাক আৰু চেলাইনটো এটোপ এটোপ কৈ নিগৰি আছে।


:কেনেকৈ হ'ল এইবোৰ?

:নাজানো ; হঠাতে এখন স্কৰ্পিঅ আহিল ল'ৰাকেইজন মান নামিল,মই ফোনত কথা পাতি থাকোতেই সিহঁতি...! 

:তই ওলোটাই নিপিটিলি কিয় সুমন?

:মোৰ ভয় লাগিছিল! কিবা ক'বলৈ যাওঁতেই মূৰত কিহবাই পিছফালৰ পৰা খুব জোৰকৈ মাৰিল তাৰ পাছত আৰু মোৰ একো মনত নাই। 


একো নামাতিলো ; গুচি আহিলোঁ, মই জানো মই ক'লৈ যাব লাগিব এতিয়া।


ক্লাব হাউচৰ দুৱাৰখন খোলা আছিল, চিধাই সোমাই গ'লো। সমুখত মদৰ বটল লৈ বহি আছে বিপৰীত সংগঠনৰ কেইবাটাও ল'ৰা। মোক দেখি সিহঁতৰ মুখত অট্তহাস্য। মাজতেই বহি থকা প্ৰণয়ক ক'লাৰত ধৰি প্ৰায়  চোঁচৰাই আনিলো বাহিৰলৈ। কথাবোৰ ইমান তৎক্ষণাৎ হ'ল যে কোনেও একো ধৰিব নোৱাৰিলে।


''কুকুৰ তোৰ যদি বুকুত সাহস আছে সমুখৰ পৰা লাগিবলৈ নাহিলি কিয়? কাপুৰুষৰ দৰে মোৰ লগৰ ল'ৰাক পিছফালৰ পৰা মাৰি তই একো সাহস দেখুওৱা নাই;দম আছে যদি মোৰ লগত লাগি দেখুৱা। মোক মাৰ! চাল্লা চু...... জাত!"


তাক তাতেই গতিয়াই পেলাই থৈ কোবাকুবিকৈ গুচি আহিলো তাৰ পৰা। মই কঁপিছিলো ক্ৰোধত!



:কি পালি ইমান হিৰ' দেখুৱাবলৈ গৈ?

:মোৰ খং উঠিছিল। সিহঁতে কিয় সুমনক একো দোষ নোহোৱাকৈ পিটিব?

:তহঁতৰ এইবোৰ প্ৰতিবছৰেই দেখি আহিছো ইয়ালৈ অহাৰ পৰা। কলেজ ইলেকচন্ নহয় যেন অন্য কিবাহে! 

:বাদ দে !

:বাদ দিয়াৰ কথা নহয়! জীৱনটো এনেকেই যদি শেষ কৰি দিম ভাবিছ কৰি থাক একো নকওঁ।

:বিশ্বাস ৰাখ কিবা এটা কৰিম মই।

:কি কৰিবি ঋ...? সংগঠনত সোমাই নুফুৰি এইদৰে মাৰ-পিট,ধৰ্ণা নিদিয়াকৈও সমাজৰ বাবে কৰিব পৰা অনেক কাম আছে।

:জানো!

:যাওঁ মই; কাইলৈ ৰাতিপুৱা সোনকালে ওলাই আহিবি; আশ্ৰমলৈ যাবলৈ আছে।

:উমম।


চাহৰ বিল্ দি ৰঞ্জনা গ'লগৈ। তাইক লগ পোৱা আজি ছয়টা বছৰে দেখি আহিছো, মাহটোত এদিনৰ বাবে হ'লেও অলপ দূৰৈৰ অনাথ আশ্ৰমখনলৈ যায়  আৰু তাইৰ লগে লগে মই।


নিজৰ পঢ়াৰ লগতে পুৱা গধূলি তিনি চাৰিটা কৈ টিউশ্যন কৰাৰ পাছতো আচৰিত কৈ ফ্ৰেচ্ হৈ থাকে তাই। ইমানখিনি ব্যস্ততাৰ মাজতো তাই মোৰ দৰে অলগদ্ধ এটালৈ সময় উলিয়াই। মোৰ অনেক দুখৰ বিননি শুনি শুনি শেষ হোৱাৰ পাছত কেতিয়াবা তাই নিজৰ কথা দুই এটা কয়। জানো বুকুত লৈ ফুৰিছে তাই অন্তহীন গাথাঁ! তাই নেদেখা হোৱালৈকে মই তাইৰ কথাই ভাবি থাকিলো। হাতৰ টিপতে তাই দি যোৱা পইছা কেইটা পাৰ্চত ভৰাই লাহেকৈ ওলাই আহিলো হোটেলৰ পৰা।


সুমনে দুদিনতে বহুখিনি ভাল পালে। আজি তাৰ ৰিলিজ্ লৈ ঘৰত থৈ আহিলোগৈ আমি। ইলেকচন্ লৈ মাজত আৰু এটা দিন! সেইদিনা হোটেলত চাহ খোৱাৰ পাছৰ পৰা ৰঞ্জনাক লগ পোৱা নাই,তাই ব্যস্ত বুলিয়েই নিজক সান্ত্বনা দি ফোন এটাও মই নিজে কৰা নাই।

তাৰোপৰি ইলেকচন্!


=================


পাঁচ বছৰ পাছৰ কথা…



পুৱতি নিশাৰে পৰা এৰাব নোৱাৰা ব্যস্ততাৰ মাজতো বুকুৰ ধপধপনি একেই আছিল সেইদিনা; ক্ৰমান্বয়ে বৃদ্ধি পাইছিল ; ইলেকচন্,আৱেগ,বিবেক,জয় অথবা পৰাজয় ৰ মাজত উলমি ৰৈছিল আমাৰ সময়। মহাবিদ্যালয়ৰ ইলেক্সন বুলি কলেই তেতিয়া কিবা আচৰিত এক পৰিবেশ দেখা গৈছিল হয়তো এতিয়াও যায়,যত কিছু পৰিমাণে বিৰক্তি,কিছু পৰিমাণে উৎকণ্ঠা লগতে কিছু আশাও দেখা গৈছিল। ছাত্ৰ ৰাজনীতিৰ নামত মদ মাংসৰ বিলনীয়া কাৰ্যসূচীৰ পাছৰ দিনাই এখন কলেজৰ এবছৰৰ বাবে জনমত দিয়াৰ দিন কলেজ ইলেক্সনৰ সেই বিশেষ দিন। যত ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ আখৰা কৰাৰ দৃষ্টান্তও দেখা যায়,আনহাতে বছেৰেকীয়া কলেজৰ বিহু বুলিও ধৰিব পাৰি সেই ইলেক্সন। নাচ ,গান, নানান ফূৰ্তি লগতে উৎপাত মিলি সেই বিশেষ দিনটো সঁচাই বিশেষ কৰি ৰখা হয়। 


সেইদিনাও তেনেকুৱাই হৈছিল। সম্পূৰ্ণ তিনিটা মাহৰ কষ্টৰ ফল আবেলি আমাৰ জয় যাত্ৰাৰে হৈছিল। হাঁহি চকুপানীৰে মিশ্ৰিত সেই আবেলিটোত মই পাহৰি পেলাইছিলো অন্য কিবা কথা। হুলস্থূল গান নাচ আদিৰ সেই আবেলিটোৰ অন্ত বহুত দেৰিকৈ হৈছিল সেইদিনা। কেইবাঘন্টাও পকেটত ভৰাই থোৱা মবাইলটো উলিয়াই লৈ চাওঁতেই হতবাক হৈছিলো।

মনত আছে এতিয়াও মবাইলৰ পাৱাৰ বুটামটো অন্ কৰোতেই স্ক্ৰীণত জিলিকি ৰৈছিল "15 missed calls and 3 messages from Ranjana"


ধৈৰ্য্য নাছিল একোৰে। একোৰে ধৈৰ্য্য নাছিল।ৰাষ্টা ফালি প্ৰায় এশ কিলোমিটাৰ/ঘন্টাৰ স্পীডত সেইদিনা বাইক্ চলাইছিলো মই ৰঞ্জনাৰ ৰুমলৈ বুলি।


বহু দেৰি হৈ গৈছিল! ৰাতি দহ বজাত ভাৰাঘৰৰ সমুখত থকা মানুহৰ ভিৰ ফালি আগুৱাই গৈ দেখিছিলো ফেনত উলমি আছিল ৰঞ্জনাৰ শৰীৰ...!!!

উলমি আছিল বগা কুৰ্তী পৰিহিত এজনী তেইশ বছৰীয়া গাভৰু। যি হাতে তাই মোৰ কপালত বুলাই দিছিল আদৰৰ স্পৰ্শ,সেই হাত নিথৰ হৈ উলমি আছিল সেইদিনা ! উলমি আছিল চিনাকী  নদীৰ ঘাটত সূৰ্যাস্ত চাই হাঁহি হাঁহি বালি খেলি ভালপোৱা সেই দুটা ভৰি!


মই সেইখিনিতেই সেইদিনা বহি থাকিলো বহু সময়। এঘন্টামানৰ পাছত পুলিচে আহি ৰঞ্জনাৰ শৰীৰটো তললৈ নমোৱা,এম্বুলেঞ্চত উঠাই লৈ যোৱা...এই সকলোবোৰ মোৰ বাবে সপোন দেখি থকা কথাৰ দৰে হ'ল। চাৰিওফালে হৈ থকা মানুহৰ হাই-উৰুমি,অনেক চিঞৰ-বাখৰ একোৱেই যেন মোৰ কাণত নোসোমাল। লাহেকৈ খোজ দিলো ঘাটৰ ফালে;সেই ঘাট য'ত অনেক আবেলি পাৰ হৈছিল আমাৰ। 


সকলো যেন একেই আছিল; ৰাতিৰ আন্ধাৰতো যেন দেখিছিলো সেই বালিবোৰত অনেক খোজ…

মাত্ৰ ৰঞ্জনা নাছিল! 

নাছিল...সেইদিনা ৰঞ্জনা নাছিল। সেই মূহুৰ্তত মই উপলব্ধি কৰিছিলো চিৰদিনৰ বাবে হেৰাই গৈছে ৰঞ্জনা মোৰ কাষৰ পৰা,এই পৃথিৱীৰ পৰা। অহৰহ মোৰ হাতখনত ধৰি মোক সাহস দি থকা ছোৱালীজনীয়েই শেষত হাৰ মানিছিল জীৱনৰ আগত! 


ম'বাইলটো উলিয়াই লৈ খুলি চালো তাইৰ শেষৰ মেছেজকেইটা…


" মই আৰু নোৱাৰিলো ঋ...মই নোৱাৰিলো। মোৰ অতীতৰ সেই গুহাৰ পৰা ওলাই আহিব মই নোৱাৰিলো। কালি ৰাতি অতীতে আকৌ এবাৰ আহি খুন্দা মাৰিলেহি; অনেক সংযম আৰু সযতনে পুনৰ সজাই লোৱা জীৱনটোত আকৌ জঁট লগাবলৈকে সি আহিল। অনেক বছৰৰ আগত কৰি অহা সেই এটা ভুল; যি ভুল  বন্দী হৈ ৰৈছিল তাৰ কেমেৰাত। বিশ্বাস কৰ ঋ... মই জনা নাছিলোঁ; মই জনা নাছিলোঁ প্ৰেমৰ নাম দি সি যে বন্দী কৰি ৰাখিছিল আমাৰ অনেক নিবিড় সময়"


"তোক ফোন কৰিছিলো কেইবাবাৰো; বুজিছো আজি তোৰ হাতত মোৰ বাবে সময় মুঠেও নাই আৰু সেয়া স্বাভাৱিক। তথাপিও হয়তো কৰবাত এবাৰলৈ মই তোক বিচাৰিছিলো! মোক মাফ কৰিবি ঋ... মাফ কৰিবি মোক" 


"শেষবাৰলৈ তোক এটা কথাই কওঁ  জীৱনটোক এটা গতি দিবি"


পঢ়ি শেষ কৰিছিলো সেই শেষৰ তিনিটা মেছেজ।

নিজক নিজেই কৈছিলো আৰু কোনোদিন এই নম্বৰৰ পৰা মেছেজ নাহে! কোনোদিনেই নাহে 'মই ৰৈ আছো সোনকালে আহ' বুলি কৰা আব্দাৰৰ মেছেজ!!


সমস্ত বুজিছিলো;মাত্ৰ মই কান্দিব পৰা নাছিলো,অদ্ভুত ভয় এটাই ছানি ধৰিছিল যেন মোৰ চৌপাশ। বুকুখনত কৰবাত যেন কোনোবাই জোৰ জোৰকৈ হাতুৰীৰে কোবাইছিল...

….ৰঞ্জনা নাই...ৰঞ্জনা নাই! গুচি গৈছে ৰঞ্জনা...কিয়  ৰঞ্জনা? কিয়???তোক ....তোক কৈছিলো " you can't die before me and if you will i will kill you twice" মই এতিয়া ক'লৈ যাওঁ? কান্দিবলৈ কাৰ ওচৰলৈ যাওঁ মই? ৰঞ্জনা…???



সেইদিনা তাইৰ মৃত্যুয়ে  শিকাই গ'ল মোক অনেক কিবা; যি কথা তাই জীয়াই থকা সময়খিনিত মোৰ প্ৰতিদিনেই কোৱাৰ পাছতো বুজি নাপোলো মই। তাই শিকাই থৈ গ'ল অনেক দায়িত্ববোধৰ কথা। 


গোটেই ৰাতি ঘাটত বহি কটোৱাৰ পিছদিনা  ৰাতিপুৱাই ঘৰলৈ উভতি আহিয়েই সেইদিনা লিখিছিলো সংগঠনৰ পৰা পদত্যাগ ৰ আবেদন জনাই লিখা দৰ্খাস্তখন। ওচৰতে ৰৈ সকলো দেখি থকা মায়ে সেইদিনা বহুত বছৰৰ পাছত মূৰত হাত বুলাই দিছিল মোক আৰু মাক সাবতি চিঞৰি চিঞৰি  কান্দি পেলাইছিলো মই... 


আজি পাঁচ বছৰৰ পাছত ডায়েৰীৰ পাতত টুকি আছো এই সমস্ত কথা। নজনাকৈয়ে সৰি পৰিছে দুটোপাল লোটক।  পাঁচটা বছৰৰ পাছতো সেই অভিশপ্ত আবেলিটো আজিও মোৰ বাবে সমানেই প্ৰভাৱশালী যিমান প্ৰভাৱশালী সেই দিনটোত আছিল। ৰঞ্জনাই শিকাই থৈ গ'ল জীৱনটোৰ এটা গতি লগোৱাতো কিমান জৰুৰী আছিল।


জীৱনৰ এই পৰ্য্যায়ত উপনিত হোৱাৰ পাছত মই যদি এতিয়া পিছলৈ ঘূৰি চাব খোজো নিজৰ ভুলৰ বাদে আন একো দেখা নাপাওঁ। হয়তো সেইদিনা মই ফোনটো ৰিছিভ কৰা হ'লে আজি ৰঞ্জনা মোৰ কাষত থাকিলহেতেন! হয়তো…! হয়তো সংগঠনৰ নামত ভ্ৰান্ত ধাৰণাবোৰ পুহি ৰাখি তাক আদৰ্শ  অথবা স্বাধীনতাৰ ডাঙৰ ডাঙৰ যুক্তি তৰ্ক কৰি মাত্ৰ নিজক ফাঁকি দি থাকিলো মই। অনুভৱ নকৰিলো কোনোদিন আচল আৰ্দশ। 


আক্ষেপ নিজক লৈ মাজে সময়ে কৰো; এইবাবেই কৰো যে তাইক জীয়াই ৰাখিব নোৱাৰিলোঁ মই।

সংগঠনক দোষ নিদিওঁ; ভুলবোৰ নিজৰ। দুটাকৈ বেচৰকাৰী প্ৰতিষ্ঠানৰ জন্মদাতা হোৱাৰ পাছতো আজিও মই ৰঞ্জনাই জীয়াই থাকোতে যোৱা অনাথ আলয়খনলৈ যাওঁ প্ৰতি সপ্তাহে। সেই তেতিয়াৰ কণ কণ শিশুবোৰ এতিয়া ডাঙৰ হ'ল, তথাপিও যেতিয়াই যাওঁ তেতিয়াই মোৰ কাষলৈ দৌৰি আহি ৰঞ্জনা বা আজি আহিছেনে বুলি সোধা সিহঁতৰ প্ৰশ্নত মই থমকি ৰওঁ!  

কোনখিনি সততাৰে মই তোমালোকক কওঁ মই বচাব নোৱাৰিলো তোমালোকৰ ৰঞ্জনা বা ক??? 


মাছ কমিউনিকেচন পঢ়ি থকাৰ সেই দুটা বৰ্ষত হয়তো এনেকুৱা দিন নাছিল যিদিনা ৰঞ্জনাক কাষত বিচৰা নাছিলো মই! 

:তই ৰিপৰ্টাৰ নহ'লে নিউজৰিডাৰ হ'লে মোৰ বৰ ভাল লাগিব। যিহে উদান্ত কণ্ঠ! হাঃ হাঃ হাঃ ....।

সেয়া আজিও যেন এইদৰেই মোক জোকাই খিলখিলাই আছে তাই! 

নিউজৰিডিং ৰুমত বহি প্ৰত্যেকটো আত্মহত্যাৰ বাতৰি পঢ়ি থকাৰ সময়বোৰত চকুৰ আগত ভাঁহি থাকে ৰঞ্জনাৰ উলমি থকা শৰীৰ!!



ডায়েৰী খন জপাই লৈ সাবতি আছো বুকুত; চকুহাল মুদিলেই দেখা পাওঁ তাইক! 

প্ৰেমতকৈও উৰ্ধধত সেই সম্পৰ্ক আমাৰ, আছে...ৰঞ্জনা আজিও কাষতেই আছে মোৰ। ভুল এটা কৰিবলৈ ওলালেই মোক যেন গালি পাৰিছে , সেই সৰু সৰু কথাতে খং উঠা, কান্দিবলৈ নজনা ছোৱালীজনী।


এতিয়া চৌপাশে মোৰ অজস্ৰ পোহৰ; বিচৰা ধৰণেই কটাইছো জীৱনৰ প্ৰতিটো দিন, বন্ধ পালেই ঘৰলৈ গৈছো; জীৱনৰ এই স্থানত আহি উপনীত হোৱাৰ পাছত মাৰ চকুত কেৱল জিলিকনি দেখিছো।

এতিয়া আৰু তেল দীপুত অথবা নবৌৰ দোকানত বাকী কৰা নাযায়...


এই পাঁচটা বছৰত অনেক কথাই সলনি হৈছে; সলনি হৈছে জীৱনটোক চোৱা দৃষ্টিৰ, সলনি হৈছে অৰণ্য দাদা আৰু সুমনহঁতৰ দৰে অনেকৰ জীৱন।


ৰঞ্জনাই দি যোৱা গছপুলিটো ও পাঁচটা বছৰত বহুত ডাঙৰ হ'ল। তাইলৈ মনত পৰিলেই মাজে মাজে কথা পাতো এতিয়া।


অতীত বৰ্তমান সংমিশ্ৰিত ভাবৰ নদীখনত সাতুৰি থাকোতেই বাজি উঠিল ফোনটো।

        Incoming call..মনোজ...


:ঋতম,এটা ছিৰিয়াছ এক্সিডেণ্ট ক’ভাৰ কৰিব লাগে ৷ জিমচিএইচত আছে ৷ কেচটো গোটেই ফেমিলীৰ ফেটাল ইনজুৰী ৷ বুলেটিন কেনচেল কৰ৷ গীতাৰ্থ গৈ আছে ষ্টুডিঅ’ত সি বহিব ৷ তই নিউজটো ধৰ। সোনকাল কৰ!



নিউজ কভাৰ্ কৰি এয়া মই উভতি আহিছো,বুকুখনত অচিন বিষ এটা অনুভৱ কৰিছো, আগেয়ে এনেকুৱা হোৱা মনত নপৰে।


কথাবোৰ আওৰালো….চকুত ভাঁহি উঠিছে হস্পিতেলৰ তিনিখন বেডত্ ঢাকি ৰখা তিনিটা শৰীৰৰ কাষত ৰৈ থকা সেই কণমানিজনী। পৃথিৱীৰ কোনো জটিলতাই স্পৰ্শ কৰিব নোৱাৰা এপাহ ফুল, দুৰ্ঘটনাত যাৰ হেৰাই গৈছে মাক বাপেক আৰু বায়েক! কেনেবাকৈ তাই জী থাকিল! 


তাই একোৱেই হয়তো বুজা নাই,কি ঘটি গৈছে।

তাইৰ কণমানি হাত দুখনত গৈ লাহেকৈ ধৰিলো; লাহেকৈ তাই হাঁহিলে,সেই যেন একেই হাঁহিৰ সাদৃশ্য দেখা পালো কৰবাত!


:তোমাৰ নামটো কি?...মোৰ প্ৰশ্নটোত তাই খুব যেন অসহায়ভাৱে মোলৈ চালে, তাৰ পাছত আকৌ চকুহাল তললৈ নমাই দিলে কিবা যেন এটা দোষী ভাব মনত লৈ।


: তাইৰ হয়তো একোৱেই মনত নাই , এটা চক্ ত আছে তাই, আমি তাইক আজি ইয়াতেই ৰাখিম, বেচৰকাৰী সংস্থা এটালৈ খবৰ দিছো, কি যে ঘটি যায়!

অসহায়ৰ চকু এহাল লৈ নাৰ্চজনীয়ে কথা কেইষাৰ ক'লে।


অলপ সময় মৌন হৈ থাকি কণমানিজনীলৈ চাই ৰ'লো। তাই পাহৰি পেলাইছে নেকি নিজৰ পৰিচয়। স্মৃতিৰ পৰা হয়তো হেৰাই গৈছে নেকি প্ৰিয় মানুহবোৰ। কিন্তু ইমান সহজ নে কাৰোবাক পাহৰি পেলোৱা। সহজ নহয়। পানীৰ দৰে সৰল মুখৰ ছোৱালীজনীলৈ বেচিপৰ চাই থাকিব মই নোৱাৰিলো।


বাইকখন ৰখালো, ৰাস্তাৰ দাঁতিত অলপ পৰ থিয় হৈ থকা যাওঁক! অতীতলৈ চালোঁ, এনে লাগিল হেৰাই যোৱা বাটবোৰ এৰি আজি যেন আকৌ ঘূৰাই পাইছো এটা নতুন বাট। মই থিৰাং কৰি পেলালো, সেই কণমানীজনীক এখন আকাশ দিম, আইনী অনুমোদন সহ বৈধ নিয়মেৰে তাইৰ নাম দিম ৰঞ্জনা…


Comments

Popular posts from this blog

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...

মেটামৰ্ফ'ছিছ(Metamorphosis)

%মেটামৰ্ফ'ছিছ% প্ৰকাশ: সাপ্তাহিক জনমভূমি ============ প্ৰায় দুঘন্টা ধৰি টেবুলৰ কাষত বহি থকাৰ পাছত উচাট মাৰি উঠি গুচি আহিলো বাহিৰলৈ...নাই আজিও একো লিখা নহ'ল! আজি কেইবামাহ ধৰি এয়াই হৈ আহিছে; মই যেন হেৰাই গৈছো ক'ৰবাত। সিখনৰ পাছত সিখন ডায়েৰীৰ ফালি পেলোৱা পৃষ্ঠাই ডাষ্টবিন শুৱনি কৰিছে। বাহিৰত ৰ'দ নাই।মোৰ মনটোৰ দৰেই বতৰটোও গোমা। হয়তো অলপ পাছত বৰষুণ দিব। ঠাণ্ডা নামিছে অলপকৈ। শ্বল্ এখন লৈ ওলাই আহিলো মই। অলপ বহিবলৈ মন গ'ল;এনেয়ে অলপ সময় একো নভবাকৈ! কিন্তু নভবাকৈ জানো থাকিব পাৰি? মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ খুবেই যে কঠিন! একাপ চাহ খাম নেকি?অথবা একাপ ব্লেক্ কফি? নাই নাখাওঁ...এনেয়েই নিদ্ৰাহীনতাত ভুগিছে আকৌ তাত নতুনকৈ অৰিহণা যোগাবলৈ ইচ্ছা নগ'ল মোৰ। পেনিক্ ডিচঅৰ্ডাৰ এণ্ড হুৱাট্ নট্! ভাবিবলৈ মন নগ’ল মোৰ। থাকক...অলপ সময় এইদৰেই বহা যাওঁক। কথাবোৰ আওঁৰাই থাকিবলৈ ভাল লাগে এইদৰেই। দূৰত কৰবাত হয়তো শেৱালি সৰিছে; সুবাস এটা আহি নাকত লাগিল মোৰ। ঠিক তেনেতেই ফোনটো বাজি উঠিল!অনিচ্ছা সত্ত্বেও জনপ্ৰিয় আলোচনীখনৰ সম্পাদকৰ ফোনটো ৰিচিভ কৰিলো। :কিবা লিখা হ'লনে? : নাই দাদা! :আচলতে তোমাৰ হৈছে কি...