প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী। Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত, লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি! টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা? তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...
Comments
Post a Comment