Skip to main content

আজিও আছা তুমি মোৰ বুকুৰ চাংঘৰত!


আজিও আছা তুমি মোৰ বুকুৰ চাংঘৰত!


 নোসোধো তোমাক কেনে আছা বুলি,জানো মোৰ দৰে তুমি আজিও পাৰ কৰা যন্ত্ৰনাকাতৰ এটি এটি উজাগৰী নিশা। তোমাক মোৰ বাদে আন কোনোৱেই কোনো ক্ষণতেই জানো বুজি পাইছিল? মৰমবোৰ আজিও অতৃপ্ত;তুমি কোৱাৰ দৰেই তুমি বিচৰাৰ দৰেই সুখবোৰে আজি মোৰ আলয়ত বাস কৰিছে,মই সুখৰ অনুশীলন কৰিছো ঠিক তুমি শিকোৱাৰ দৰেই। নাজানো ইমানৰ পাছতো স্মৃতিবোৰ কিয় ইমান সজীৱ। সুখবোৰেও মোক কেতিয়াবা দূৰৈৰ পৰা তাচ্ছিল্য কৰি হাঁহে,সিঁহতিও বুজে মোৰ কংক্ৰীটৰ জীৱনটোৰ কথা।


আজি আকৌ এবাৰ উনুকিয়াই চাইছো ক্ৰমশঃ শেষ হৈ যাবলৈ লোৱা অতীতটোক। হেঁপাহৰ দলিচাখনত পাৰ হোৱা সেই দুটা বছৰ!
বহুত বেছি কিবা আছিল জানো? নাই...বেছি কোনোদিনেই নাছিল;মাত্ৰ অলপমান আৰু সেই অলপমানতেই আছিল আমাৰ সমষ্ট পৃথিৱীখন। কৈছিলো তোমাক খৰস্ৰোতা নদী হৈ বৈ যাম;কাকো আমনি নকৰো। এতিয়া তাৰেই অনুশীলন।

তোমাক লগ নোপোৱা হ'লেই ভাল আছিল,জীৱন বাটৰ পৃষ্ঠাত অতীত বুলিবলৈ একোৱেই নাথাকিলহেতেন। তোমাক কৈছিলো জীৱনটো এখন নাটক; যি ভাল অভিনয় কৰিব পাৰে তেওঁৱেই সুখী সেয়ে হয়তো চোৱা আজি মই কিমান সুখী।

ষ্টেডিয়ামত পাৰ কৰা সেই দুপৰীয়া কেইটাই বৰকৈ আমনি কৰে। তোমাৰ কথা কোৱা চকু কেইটাই বুকুত থিতাপি লৈছিল সেইদিনাই।সেউজীয়া কুৰ্তীটোত তোমাক প্ৰথমবাৰলৈ  ডাঙৰ হোৱা যেন দেখিছিলো মই আৰু তোমাক কওঁতে তুমি লাজ লাজ কৈ মোলৈ চাইছিলা;সেই এটা চাৱনিতেই লুকাই আছিল সমস্ত ভালপোৱা।

জানিছিলো আমাৰ ভালপোৱাবোৰ নিষ্পাপ অথচ সীমাবদ্ধ। জানিছিলো এদিন তুমিবিহীনতাই গিলি পেলাব মোক অথচ মৃত্যুৱেও মোৰ লগ এৰা দিব। কহুঁৱাবোৰৰ দৰেই আছিলা তুমি; মোৰ দৈন্যতাৰ জীৱনটোত এগচ চাকি হৈ পোহৰ দিছিলা তুমি। মই এটা শব্দ ক'লেই গোটেই বাক্যশাৰী ক'ব পৰাকৈ পাৰ্গত আছিলা তুমি।

কিমান...কিমান ভালপালে এগৰাকী নাৰীয়ে ভগাই ল'ব পাৰে প্ৰিয়জনক? মোক আচৰিত কৰি সেয়াও সম্ভৱ কৰি তুলিছিলা তুমি।

উজাগৰী নিশাবোৰত কেৱল তুমি আৰু মই আৰু পাৰ ভাঙি অহা আমাৰ হাজাৰ কথা। তোমাৰ আব্দাৰবোৰত গলি শেষ হৈছিল মোৰ সমষ্ট অৱষাদ। সপোন নেদেখা চকুযুৰিয়ে এদিন সপোন চাবলৈ শিকিছিল। এতিয়া সেই কথাবোৰ গলি নপৰা বৰফ। তুমি গুচি যোৱাৰ দিন ধৰি নিতৌ সুখৰ অভিনয় কৰো; দূৰৈৰ পৰাই চাই ৰওঁ তোমাক।

মই নজনাকৈয়ে তুমি বহুতখিনি বুজি পাইছিলা মোক আজি উপলদ্ধি কৰো বাৰুকৈয়ে। সপোনবোৰেও আজিকালি উজাগৰে ৰাখে মোক। সত্ত্বাটো যেন আজিও তোমাৰ সেই কোমল দুহাতৰ মাজতেই আৱদ্ধ। আস! কি কোমল আছিল সেই স্পৰ্শ মই যেন গলি শেষ হৈ গৈছিলো সেই এটা মূহূৰ্তৰ বাবে...

তুমি কোৱাৰ দৰেই এখন নদী হৈ বৈ গৈ আছো; নাজানো মোৰ অন্ত ক'ত...ক'ত মোৰ লক্ষ্য। মাত্ৰ আশাবোৰৰ মুখাগ্নি কৰিছো ; আৱেগবোৰৰ দহন...!


...তাইৰ কথাবোৰ জীয়াই ৰাখে মোক,মোৰ এষাৰ মাতৰ বাবে ৰৈ থকা মোৰ তাইজনী,কোনো জটিলতাই স্পৰ্শ কৰিব নোৱাৰা মোৰ সৰল কহুৱাজনী,মোৰ পাগলীজনী...

সেয়ে আজিও কওঁ গৰ্বৰে মোৰ জীৱন নাটকৰ তাই এটি প্ৰিয় চৰিত্ৰ;মোৰ বুকুৰ চাংঘৰত তাই আৱদ্ধ। ভালে থাকক তাই, যতেই আছে কুশলে থাকক, তাইৰ সপোনবোৰ এতিয়া মোৰ আৰু তাৰ পূৰ্ণতাই হয়তো মোৰ আদিম সুখ...!


Comments

Popular posts from this blog

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...

মেটামৰ্ফ'ছিছ(Metamorphosis)

%মেটামৰ্ফ'ছিছ% প্ৰকাশ: সাপ্তাহিক জনমভূমি ============ প্ৰায় দুঘন্টা ধৰি টেবুলৰ কাষত বহি থকাৰ পাছত উচাট মাৰি উঠি গুচি আহিলো বাহিৰলৈ...নাই আজিও একো লিখা নহ'ল! আজি কেইবামাহ ধৰি এয়াই হৈ আহিছে; মই যেন হেৰাই গৈছো ক'ৰবাত। সিখনৰ পাছত সিখন ডায়েৰীৰ ফালি পেলোৱা পৃষ্ঠাই ডাষ্টবিন শুৱনি কৰিছে। বাহিৰত ৰ'দ নাই।মোৰ মনটোৰ দৰেই বতৰটোও গোমা। হয়তো অলপ পাছত বৰষুণ দিব। ঠাণ্ডা নামিছে অলপকৈ। শ্বল্ এখন লৈ ওলাই আহিলো মই। অলপ বহিবলৈ মন গ'ল;এনেয়ে অলপ সময় একো নভবাকৈ! কিন্তু নভবাকৈ জানো থাকিব পাৰি? মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ খুবেই যে কঠিন! একাপ চাহ খাম নেকি?অথবা একাপ ব্লেক্ কফি? নাই নাখাওঁ...এনেয়েই নিদ্ৰাহীনতাত ভুগিছে আকৌ তাত নতুনকৈ অৰিহণা যোগাবলৈ ইচ্ছা নগ'ল মোৰ। পেনিক্ ডিচঅৰ্ডাৰ এণ্ড হুৱাট্ নট্! ভাবিবলৈ মন নগ’ল মোৰ। থাকক...অলপ সময় এইদৰেই বহা যাওঁক। কথাবোৰ আওঁৰাই থাকিবলৈ ভাল লাগে এইদৰেই। দূৰত কৰবাত হয়তো শেৱালি সৰিছে; সুবাস এটা আহি নাকত লাগিল মোৰ। ঠিক তেনেতেই ফোনটো বাজি উঠিল!অনিচ্ছা সত্ত্বেও জনপ্ৰিয় আলোচনীখনৰ সম্পাদকৰ ফোনটো ৰিচিভ কৰিলো। :কিবা লিখা হ'লনে? : নাই দাদা! :আচলতে তোমাৰ হৈছে কি...