আজিও আছা তুমি মোৰ বুকুৰ চাংঘৰত!
নোসোধো তোমাক কেনে আছা বুলি,জানো মোৰ দৰে তুমি আজিও পাৰ কৰা যন্ত্ৰনাকাতৰ এটি এটি উজাগৰী নিশা। তোমাক মোৰ বাদে আন কোনোৱেই কোনো ক্ষণতেই জানো বুজি পাইছিল? মৰমবোৰ আজিও অতৃপ্ত;তুমি কোৱাৰ দৰেই তুমি বিচৰাৰ দৰেই সুখবোৰে আজি মোৰ আলয়ত বাস কৰিছে,মই সুখৰ অনুশীলন কৰিছো ঠিক তুমি শিকোৱাৰ দৰেই। নাজানো ইমানৰ পাছতো স্মৃতিবোৰ কিয় ইমান সজীৱ। সুখবোৰেও মোক কেতিয়াবা দূৰৈৰ পৰা তাচ্ছিল্য কৰি হাঁহে,সিঁহতিও বুজে মোৰ কংক্ৰীটৰ জীৱনটোৰ কথা।
আজি আকৌ এবাৰ উনুকিয়াই চাইছো ক্ৰমশঃ শেষ হৈ যাবলৈ লোৱা অতীতটোক। হেঁপাহৰ দলিচাখনত পাৰ হোৱা সেই দুটা বছৰ!
বহুত বেছি কিবা আছিল জানো? নাই...বেছি কোনোদিনেই নাছিল;মাত্ৰ অলপমান আৰু সেই অলপমানতেই আছিল আমাৰ সমষ্ট পৃথিৱীখন। কৈছিলো তোমাক খৰস্ৰোতা নদী হৈ বৈ যাম;কাকো আমনি নকৰো। এতিয়া তাৰেই অনুশীলন।
তোমাক লগ নোপোৱা হ'লেই ভাল আছিল,জীৱন বাটৰ পৃষ্ঠাত অতীত বুলিবলৈ একোৱেই নাথাকিলহেতেন। তোমাক কৈছিলো জীৱনটো এখন নাটক; যি ভাল অভিনয় কৰিব পাৰে তেওঁৱেই সুখী সেয়ে হয়তো চোৱা আজি মই কিমান সুখী।
ষ্টেডিয়ামত পাৰ কৰা সেই দুপৰীয়া কেইটাই বৰকৈ আমনি কৰে। তোমাৰ কথা কোৱা চকু কেইটাই বুকুত থিতাপি লৈছিল সেইদিনাই।সেউজীয়া কুৰ্তীটোত তোমাক প্ৰথমবাৰলৈ ডাঙৰ হোৱা যেন দেখিছিলো মই আৰু তোমাক কওঁতে তুমি লাজ লাজ কৈ মোলৈ চাইছিলা;সেই এটা চাৱনিতেই লুকাই আছিল সমস্ত ভালপোৱা।
জানিছিলো আমাৰ ভালপোৱাবোৰ নিষ্পাপ অথচ সীমাবদ্ধ। জানিছিলো এদিন তুমিবিহীনতাই গিলি পেলাব মোক অথচ মৃত্যুৱেও মোৰ লগ এৰা দিব। কহুঁৱাবোৰৰ দৰেই আছিলা তুমি; মোৰ দৈন্যতাৰ জীৱনটোত এগচ চাকি হৈ পোহৰ দিছিলা তুমি। মই এটা শব্দ ক'লেই গোটেই বাক্যশাৰী ক'ব পৰাকৈ পাৰ্গত আছিলা তুমি।
কিমান...কিমান ভালপালে এগৰাকী নাৰীয়ে ভগাই ল'ব পাৰে প্ৰিয়জনক? মোক আচৰিত কৰি সেয়াও সম্ভৱ কৰি তুলিছিলা তুমি।
উজাগৰী নিশাবোৰত কেৱল তুমি আৰু মই আৰু পাৰ ভাঙি অহা আমাৰ হাজাৰ কথা। তোমাৰ আব্দাৰবোৰত গলি শেষ হৈছিল মোৰ সমষ্ট অৱষাদ। সপোন নেদেখা চকুযুৰিয়ে এদিন সপোন চাবলৈ শিকিছিল। এতিয়া সেই কথাবোৰ গলি নপৰা বৰফ। তুমি গুচি যোৱাৰ দিন ধৰি নিতৌ সুখৰ অভিনয় কৰো; দূৰৈৰ পৰাই চাই ৰওঁ তোমাক।
মই নজনাকৈয়ে তুমি বহুতখিনি বুজি পাইছিলা মোক আজি উপলদ্ধি কৰো বাৰুকৈয়ে। সপোনবোৰেও আজিকালি উজাগৰে ৰাখে মোক। সত্ত্বাটো যেন আজিও তোমাৰ সেই কোমল দুহাতৰ মাজতেই আৱদ্ধ। আস! কি কোমল আছিল সেই স্পৰ্শ মই যেন গলি শেষ হৈ গৈছিলো সেই এটা মূহূৰ্তৰ বাবে...
তুমি কোৱাৰ দৰেই এখন নদী হৈ বৈ গৈ আছো; নাজানো মোৰ অন্ত ক'ত...ক'ত মোৰ লক্ষ্য। মাত্ৰ আশাবোৰৰ মুখাগ্নি কৰিছো ; আৱেগবোৰৰ দহন...!
...তাইৰ কথাবোৰ জীয়াই ৰাখে মোক,মোৰ এষাৰ মাতৰ বাবে ৰৈ থকা মোৰ তাইজনী,কোনো জটিলতাই স্পৰ্শ কৰিব নোৱাৰা মোৰ সৰল কহুৱাজনী,মোৰ পাগলীজনী...
সেয়ে আজিও কওঁ গৰ্বৰে মোৰ জীৱন নাটকৰ তাই এটি প্ৰিয় চৰিত্ৰ;মোৰ বুকুৰ চাংঘৰত তাই আৱদ্ধ। ভালে থাকক তাই, যতেই আছে কুশলে থাকক, তাইৰ সপোনবোৰ এতিয়া মোৰ আৰু তাৰ পূৰ্ণতাই হয়তো মোৰ আদিম সুখ...!
Comments
Post a Comment