_অদৃশ্যমান মান্যতা_
:হেৰা শুনিছানে;ক'তনো মৰি থাকা হে?
:কওঁক...কেলৈ ইমানখন চিঞৰ বাখৰখন কৰিছে নো?
:এ তুমি একো গমেই নোপোৱা...আজিৰ বাতৰিখন চাইছানে?
:নাইচোৱা...কিয় কি হ'লনো?
: ক'ত যে আছা আৰু দেই।বৃদ্ধাশ্ৰমত মাক দেউতাকক ৰখাৰ বিৰুদ্ধে যে আৰ্টিকল্ টো লিখি পঠাইছিলো আজি প্ৰকাশ হৈছে বুজিছা। মোলৈ কেইবাটাও ফোন অহাত হে পেপাৰখন মেলি চালো।
:অহ!
:কি হে তোমাৰ একো উৎসুকতাই নাই...চাই থাকা চাই থাকা...খুব সোনকালে মই জনপ্ৰিয় হৈ পৰিম!
বৰুৱাৰ কথাৰ একো উত্তৰ নিদি বৰুৱানীয়ে পাকঘৰলৈ গৈ চাহ একাপ কৰি আনি বৰুৱাক দি ক'লে__
"বৃদ্ধাশ্ৰমৰ পৰা ফোন আহিছিল। মাৰ গাটো বোলে খুব বেয়া। আপোনাক খুব চাবলৈ মন কৰিছে। আবেলি সময় হ'লে এপাক গৈ আহিবগৈ"
Comments
Post a Comment