Skip to main content

অদৃশ্যমান মান্যতা

 _অদৃশ্যমান মান্যতা_



:হেৰা শুনিছানে;ক'তনো মৰি থাকা হে?
:কওঁক...কেলৈ ইমানখন চিঞৰ বাখৰখন কৰিছে নো?
:এ তুমি একো গমেই নোপোৱা...আজিৰ বাতৰিখন চাইছানে?
:নাইচোৱা...কিয় কি হ'লনো?
: ক'ত যে আছা আৰু দেই।বৃদ্ধাশ্ৰমত মাক দেউতাকক ৰখাৰ বিৰুদ্ধে যে আৰ্টিকল্ টো লিখি পঠাইছিলো আজি প্ৰকাশ হৈছে বুজিছা। মোলৈ কেইবাটাও ফোন অহাত হে পেপাৰখন মেলি চালো।
:অহ!
:কি হে তোমাৰ একো উৎসুকতাই নাই...চাই থাকা চাই থাকা...খুব সোনকালে মই জনপ্ৰিয় হৈ  পৰিম!

বৰুৱাৰ কথাৰ একো উত্তৰ নিদি বৰুৱানীয়ে পাকঘৰলৈ গৈ চাহ একাপ কৰি আনি বৰুৱাক দি ক'লে__
"বৃদ্ধাশ্ৰমৰ পৰা ফোন আহিছিল। মাৰ গাটো বোলে খুব বেয়া। আপোনাক খুব চাবলৈ মন কৰিছে। আবেলি সময় হ'লে এপাক গৈ আহিবগৈ"

  


Comments

Popular posts from this blog

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...

মেটামৰ্ফ'ছিছ(Metamorphosis)

%মেটামৰ্ফ'ছিছ% প্ৰকাশ: সাপ্তাহিক জনমভূমি ============ প্ৰায় দুঘন্টা ধৰি টেবুলৰ কাষত বহি থকাৰ পাছত উচাট মাৰি উঠি গুচি আহিলো বাহিৰলৈ...নাই আজিও একো লিখা নহ'ল! আজি কেইবামাহ ধৰি এয়াই হৈ আহিছে; মই যেন হেৰাই গৈছো ক'ৰবাত। সিখনৰ পাছত সিখন ডায়েৰীৰ ফালি পেলোৱা পৃষ্ঠাই ডাষ্টবিন শুৱনি কৰিছে। বাহিৰত ৰ'দ নাই।মোৰ মনটোৰ দৰেই বতৰটোও গোমা। হয়তো অলপ পাছত বৰষুণ দিব। ঠাণ্ডা নামিছে অলপকৈ। শ্বল্ এখন লৈ ওলাই আহিলো মই। অলপ বহিবলৈ মন গ'ল;এনেয়ে অলপ সময় একো নভবাকৈ! কিন্তু নভবাকৈ জানো থাকিব পাৰি? মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ খুবেই যে কঠিন! একাপ চাহ খাম নেকি?অথবা একাপ ব্লেক্ কফি? নাই নাখাওঁ...এনেয়েই নিদ্ৰাহীনতাত ভুগিছে আকৌ তাত নতুনকৈ অৰিহণা যোগাবলৈ ইচ্ছা নগ'ল মোৰ। পেনিক্ ডিচঅৰ্ডাৰ এণ্ড হুৱাট্ নট্! ভাবিবলৈ মন নগ’ল মোৰ। থাকক...অলপ সময় এইদৰেই বহা যাওঁক। কথাবোৰ আওঁৰাই থাকিবলৈ ভাল লাগে এইদৰেই। দূৰত কৰবাত হয়তো শেৱালি সৰিছে; সুবাস এটা আহি নাকত লাগিল মোৰ। ঠিক তেনেতেই ফোনটো বাজি উঠিল!অনিচ্ছা সত্ত্বেও জনপ্ৰিয় আলোচনীখনৰ সম্পাদকৰ ফোনটো ৰিচিভ কৰিলো। :কিবা লিখা হ'লনে? : নাই দাদা! :আচলতে তোমাৰ হৈছে কি...