:সূৰ্যাস্ত মোৰ ভীষণ প্ৰিয়,সেন্দুৰীয়া বেলিটোক চোলাৰ জেপতেই ভৰাই লৈ ফুৰিবলৈ খুব মন যায় মোৰ। ... নিষ্পাপ এটি শিশুৱে মাকৰ ওচৰত কৰা আব্দাৰৰ দৰেই শুনা গৈছিল তাৰ কথাবোৰ... :আৰু কি কি মন যায় তোমাৰ?...হাঁহি হাঁহি তাক সুধিছিলো মই। এই ল'ৰাটো বৰ বিচিত্ৰকৰ,কি কি যে তাৰ চখবোৰ। হঠাৎ গহীন হৈ পৰিছিল সি,মোৰ হাতখন জোৰকৈ চেপি ধৰি কৈছিল, : মন যোৱা কথাবোৰ মনতেই শেষ হৈ যোৱা উচিত,বাস্তৱত ৰূপায়ণ কৰিবলৈ যোৱা বাটটোত কাঁইটৰ বাদে আন একো নাই। : মানুহে কয় সূৰ্যাস্ত চাব নাপায়। :এৰা! আমিও চাগৈ পায়-নাপায়ৰ যুঁজখনতেই হাৰি হেৰুৱাবলৈ ওলাইছো ইজনে আনজনক। ...সেইদিনা মই তাক একো উত্তৰ দিব পৰা নাছিলোঁ,আনদিনাৰ দৰে যুক্তিৰ ওপৰত যুক্তি দি তাৰ সৈতে তৰ্কত লিপ্ত হ'ব পৰা নাছিলোঁ। জানিছিলো, ইয়াৰ পাছত হয়তো আৰু কোনোদিনেই আমি একেলগে চাই ৰ'ব নোৱাৰিম চিনাকী পুখুৰীৰ পাৰৰ সূৰ্যাস্ত। আজি সুদীৰ্ঘ ত্ৰিশটা বসন্তৰ পাছত আমি আকৌ লগ হৈছোঁ কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি ইজনে আনজনৰ ওচৰত... : কেৱল ভালপোৱাখিনিৰেই আমি কিয় থাকিব নোৱাৰিলো একেলগে? : ভালপোৱাখিনিক নামাকৰণ কৰাৰ চ...