Skip to main content

Posts

Showing posts from 2023

ব্যত্যয়

  _ব্যত্যয়_ আলাসত ডাঙৰ হোৱা মালিকৰ জীয়েক নম্ৰতাই নিমখ অলপ কম হোৱাৰ বাবেই পানী ঢালি এৰি থৈ যোৱা মাংসৰ বাটিটোৰ সৈতে ভাতৰ কাঁহীখন ডাষ্টবিনটোত পেলাবলৈ লওঁতে অজানিতে ৰাধাৰ হাতখন কোচ খাই উঠিল! কাহানিও উত্তৰ নোলাব বুলি জনাৰ পাচতো পুনৰ কৰিবলৈ লোৱা অংকটোৰ দৰেই ৰাধাই মনত পেলাবলৈ চেষ্টা কৰিলে তাইৰ ল'ৰা ছোৱালীহালে ভালকৈ মাংসৰে ভাত এসাঁজ শেষবাৰলৈ খাবলৈ পোৱা দিনটোৰ কথা...

সূৰ্যাস্ত ---THE TALE OF SUNSET

  :সূৰ্যাস্ত মোৰ ভীষণ প্ৰিয়,সেন্দুৰীয়া বেলিটোক চোলাৰ জেপতেই ভৰাই লৈ ফুৰিবলৈ খুব মন যায় মোৰ।      ... নিষ্পাপ এটি শিশুৱে মাকৰ ওচৰত কৰা আব্দাৰৰ দৰেই শুনা গৈছিল তাৰ কথাবোৰ... :আৰু কি কি মন যায় তোমাৰ?...হাঁহি হাঁহি তাক সুধিছিলো মই।      এই ল'ৰাটো বৰ বিচিত্ৰকৰ,কি কি যে তাৰ চখবোৰ। হঠাৎ গহীন হৈ পৰিছিল সি,মোৰ হাতখন জোৰকৈ চেপি ধৰি কৈছিল, : মন যোৱা কথাবোৰ মনতেই শেষ হৈ যোৱা উচিত,বাস্তৱত ৰূপায়ণ কৰিবলৈ যোৱা বাটটোত কাঁইটৰ বাদে আন একো নাই। : মানুহে কয় সূৰ্যাস্ত চাব নাপায়। :এৰা! আমিও চাগৈ পায়-নাপায়ৰ যুঁজখনতেই হাৰি হেৰুৱাবলৈ ওলাইছো ইজনে আনজনক।   ...সেইদিনা মই তাক একো উত্তৰ দিব পৰা নাছিলোঁ,আনদিনাৰ দৰে যুক্তিৰ ওপৰত যুক্তি দি তাৰ সৈতে তৰ্কত লিপ্ত হ'ব পৰা নাছিলোঁ। জানিছিলো, ইয়াৰ পাছত হয়তো আৰু কোনোদিনেই আমি একেলগে চাই ৰ'ব নোৱাৰিম চিনাকী পুখুৰীৰ পাৰৰ সূৰ্যাস্ত। আজি সুদীৰ্ঘ ত্ৰিশটা বসন্তৰ  পাছত আমি আকৌ লগ হৈছোঁ কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি ইজনে আনজনৰ ওচৰত... : কেৱল ভালপোৱাখিনিৰেই আমি কিয় থাকিব নোৱাৰিলো একেলগে? : ভালপোৱাখিনিক নামাকৰণ কৰাৰ চ...

আজিও আছা তুমি মোৰ বুকুৰ চাংঘৰত!

আজিও আছা তুমি মোৰ বুকুৰ চাংঘৰত!   নোসোধো তোমাক কেনে আছা বুলি,জানো মোৰ দৰে তুমি আজিও পাৰ কৰা যন্ত্ৰনাকাতৰ এটি এটি উজাগৰী নিশা। তোমাক মোৰ বাদে আন কোনোৱেই কোনো ক্ষণতেই জানো বুজি পাইছিল? মৰমবোৰ আজিও অতৃপ্ত;তুমি কোৱাৰ দৰেই তুমি বিচৰাৰ দৰেই সুখবোৰে আজি মোৰ আলয়ত বাস কৰিছে,মই সুখৰ অনুশীলন কৰিছো ঠিক তুমি শিকোৱাৰ দৰেই। নাজানো ইমানৰ পাছতো স্মৃতিবোৰ কিয় ইমান সজীৱ। সুখবোৰেও মোক কেতিয়াবা দূৰৈৰ পৰা তাচ্ছিল্য কৰি হাঁহে,সিঁহতিও বুজে মোৰ কংক্ৰীটৰ জীৱনটোৰ কথা। আজি আকৌ এবাৰ উনুকিয়াই চাইছো ক্ৰমশঃ শেষ হৈ যাবলৈ লোৱা অতীতটোক। হেঁপাহৰ দলিচাখনত পাৰ হোৱা সেই দুটা বছৰ! বহুত বেছি কিবা আছিল জানো? নাই...বেছি কোনোদিনেই নাছিল;মাত্ৰ অলপমান আৰু সেই অলপমানতেই আছিল আমাৰ সমষ্ট পৃথিৱীখন। কৈছিলো তোমাক খৰস্ৰোতা নদী হৈ বৈ যাম;কাকো আমনি নকৰো। এতিয়া তাৰেই অনুশীলন। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল,জীৱন বাটৰ পৃষ্ঠাত অতীত বুলিবলৈ একোৱেই নাথাকিলহেতেন। তোমাক কৈছিলো জীৱনটো এখন নাটক; যি ভাল অভিনয় কৰিব পাৰে তেওঁৱেই সুখী সেয়ে হয়তো চোৱা আজি মই কিমান সুখী। ষ্টেডিয়ামত পাৰ কৰা সেই দুপৰীয়া কেইটাই বৰকৈ আমনি কৰে। তোমাৰ কথা কোৱা চকু কেইটাই বুক...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

অদৃশ্যমান মান্যতা

  _অদৃশ্যমান মান্যতা_ :হেৰা শুনিছানে;ক'তনো মৰি থাকা হে? :কওঁক...কেলৈ ইমানখন চিঞৰ বাখৰখন কৰিছে নো? :এ তুমি একো গমেই নোপোৱা...আজিৰ বাতৰিখন চাইছানে? :নাইচোৱা...কিয় কি হ'লনো? : ক'ত যে আছা আৰু দেই।বৃদ্ধাশ্ৰমত মাক দেউতাকক ৰখাৰ বিৰুদ্ধে যে আৰ্টিকল্ টো লিখি পঠাইছিলো আজি প্ৰকাশ হৈছে বুজিছা। মোলৈ কেইবাটাও ফোন অহাত হে পেপাৰখন মেলি চালো। :অহ! :কি হে তোমাৰ একো উৎসুকতাই নাই...চাই থাকা চাই থাকা...খুব সোনকালে মই জনপ্ৰিয় হৈ  পৰিম! বৰুৱাৰ কথাৰ একো উত্তৰ নিদি বৰুৱানীয়ে পাকঘৰলৈ গৈ চাহ একাপ কৰি আনি বৰুৱাক দি ক'লে__ "বৃদ্ধাশ্ৰমৰ পৰা ফোন আহিছিল। মাৰ গাটো বোলে খুব বেয়া। আপোনাক খুব চাবলৈ মন কৰিছে। আবেলি সময় হ'লে এপাক গৈ আহিবগৈ"   

ফিনিক্স চৰাইৰ গান-The song of a phoenix

  ফিনিক্স চৰাইৰ গান আন্ধাৰত ডুব গৈ থকা কোঠাটোত লাহে লাহে সূৰুযৰ প্ৰথম ৰেঙণি কেইডালমান বাঁহৰ বেৰৰ ফাঁকেৰে সৰকি আহিছিল। অলপ পাছত মায়ে আহি খিৰিকীৰ চিটকাণী ডাল খুলি খিৰিকীখন মেলি দিয়াত পোহৰ হৈ পৰিছিল কোঠাটো। চকুত ঘপহকৈ চাত মাৰি ধৰা পোহৰত খপজপকৈ সাৰ পাই বিচনাতে বহিলো। মায়ে মোৰ মুখলৈ চালে। মই ও চালোঁ; বয়সতকৈ আগতেই বৃদ্ধ হোৱা মোৰ পঞ্চাশ বছৰীয়া মা। ঠিক মই ভবাৰ দেই একো নামাতি লাহেকৈ ওলাই গ'ল মা কোঠাটোৰ পৰা।   জানো একো নকয় তেওঁ। মাত্ৰ অলপ দেৰীৰ পাছতেই নেমু চৰ্বত এগিলাছ বনাই আনি দি যাব মোক। লাহেকৈ উঠি গৈ মুখখন ধুলো। ঘড়ীটোলৈ চালোঁ;দিনৰ দুই বাজিছে।  বহুত দেৰি হৈ গৈছিল ইতিমধ্যে।লৰালৰিকৈ মায়ে যতনাই দিয়া চৰ্বত গিলাচ পি চকীত পৰি থকা চাৰ্টটো পিন্ধি ওলাই গ'লো।  "একেটা চাৰ্ট আজি এসপ্তাহ ধৰি পিন্ধি আছে! ধুই দিম বুলি ভাবিছিলো আজি। মানুহ কেনেকৈ ইমান লেতেৰা হ'ব পাৰে!" ... ভিতৰৰ পৰা মায়ে কোৱা কথাকেইষাৰ আহি কাণত পৰিছিল যদিও উলটি গৈ তাৰ উত্তৰ দিবলৈ মোৰ সময় নাছিল।  আধা ৰাস্তাত বাইকখন বন্ধ হৈ গ'ল। পৰহিয়েই তেল ভৰোৱা, শেষ চাগৈ। তেল দীপুত আকৌ ধাৰ কৰিবলৈ থেলি লৈ গৈ থাকিলো বাইকখন।  :সদ...