ৰেডমি নট্ ফৰ্ ফোনটোৰ
স্ক্ৰীনখনত জিলিকি উঠা নামটো দেখি খৰধৰকৈ ফোনটো ৰিচিভ কৰিলে সি।
জানে সি ৰিচিভ কৰোতে আৰু অলপ দেৰি হোৱা মানেই এসোপা গালিৰ বৰষুণ...!
: অ'...ক'চোন?
: ক'ত আছিলি ইমান দেৰি?
চাহৰ কাপটোত চুমুক মাৰি ফোনটো ইকাণৰপৰা সিকাণলৈ ল'লে পাৰ্থই।
: চাহ একাপ বনাই আছিলো অ...কৈ যা।
: কি ক'ম?
: আৰে তই যে এনেই ফোন নাই কৰা,সেইটো মই ভালদৰে জানো। ক'..কি নতুন সমস্যা?
:একো লিখিব নোৱাৰা হৈছো!আজিও প্ৰায় তিনিঘন্টা বহি থাকিলো কাগজ কলম লৈ। কিন্তু নাই...এটা শব্দওচোন নিগৰি নাহিল!
নীলাৰ কথাবোৰ শুনি পাতলকৈ হাঁহি এটা তাৰ ওঁঠেৰে বাগৰি গ'ল। চাহৰ কাপটো থৈ বহল খিৰিকীখনৰ ওচৰলৈ গৈ থিয় হ'ল সি।
আৰামী চকী খনত দীঘল দি বহি পৰিল। এৰা,যথেষ্ট ভাগৰ লাগিছে তাৰ। দিনৰ দিনটো অফিচৰ কাম সোপা কৰাৰ পাছত আবেলিৰ এই সময়কণত সি শুবলৈ ভালপায়।আজি পিছে শোৱাৰ কথা সি ভবাও নাই। নীলাৰ ফোন অহা মানেই দুই তিনিঘন্টাৰ কথোপকথন।
তথাপিও নীলাৰ বাবে সদায়েই প্ৰস্তুত সি।যিকোনো সমস্যা শুনিবৰ বাবে। নীলাজনী যে তাৰ বুকুৰ আপোন।
:কিবা এটা ক'....পাৰ্থ,মনে মনে নাথাকিবি।
:হুমমমম...!
:কি হুমমম।কথা ক পাৰ্থ;কথা।
:নীলা,তোক মই বেলেগকৈ কি ক'ম, তয়েই ক'চোন?
:এতিয়া সেইটোও যদি ময়েই ক'ব লাগে,তেন্তে হ'ব! ছ'ৰী টু ডিষ্টাৰ্ব ইউ।
পাৰ্থৰ উত্তৰলৈ বাট নাচাই ফোনটো কাটি থ'লে তাই।নকৰে আৰু তাক ডিষ্টাৰ্ব।গুৰুত্বই নিদিলে সি।
পাঁচমিনিট মানৰ পিছতেই ম'বাইল স্ক্ৰীনখনত ভাঁহি উঠিল "বেষ্টি কলিং"
:কি হ'ল! সময় পালি?
:ইমান খং কিয় তোৰ?
:নাজানো....
:আচ্ছা .......শুন।
:উম.....
:লিখিবলৈ কিয় পৰা নাই ক'চোন?
:নাজানো!
:তই নাজানিলে কোনে জানিব তোৰ নিজৰ কথা?
দীঘল হুমনিয়াহ এটি এৰি বিছনাখনত শুই পৰিল তাই আৰু ইয়েৰফোনত পাৰ্থৰ কথাবোৰ ভাহি থাকিল।
:নীলা!
:উম।
:নিজৰ সৈতে অলপ কথা পাত,সোধ নিজক তই কি বিচাৰি আছ;নিজক নিজতকৈ আন কোনোৱেই বুজিব নোৱাৰে।
:মই কি কৰো ক? অহৰহ সেই একেবোৰ কথাই পাকঘূৰণি খাই থাকে মগজুত।
:ইমান দুৰ্বল হ'লে জীয়াব নোৱাৰিবি নীলা।
:দুৰ্বল নহয় পাৰ্থ। মাত্ৰ ভালে থকাৰ নাটক খনত ভাগৰি পৰিছো,মোক অলপ শান্তি লাগে,নিজেক নিজেই ফাঁকি দি আছো।
তাইক ক'বলৈ দি সি শুনি থাকিল।জানে সি, এইখিনি মুহূৰ্তত তাইক প্ৰয়োজন কেৱল এজন শ্ৰোতাৰ।
নীলাঞ্জনা......তাৰ নীলা।তাৰ বাবে ঠিক আকাশখনৰ নীলাখিনিৰ দৰেই তাই।ঠিক প্ৰেম নহয়,কেৱল বন্ধুত্ব।হয়তো প্ৰেমতকৈ বহু ওপৰত সিহঁতৰ সম্পৰ্ক।
বুজা -নুবুজা,মান-অভিমান,ভালপোৱা-বেয়াপোৱাৰ মাজেৰে চলি যোৱা এই সম্পৰ্ক।
নীলাজনী তেনেই কোমল,ঘপহকৈ ভাঙি পৰে! আৰু সি.....?সি বুটলি লয় তাইৰ ভগ্ন টুকুৰাবোৰ;পুনৰ জোৰা লগায় আৰু নতুনকৈ গঢ় দিয়ে তাইক।
:পাৰ্থ তই শুনি আছনে?
:হা....অ'।
এটা মুহূৰ্তৰ বাবে ভাবৰ সাগৰখনক ডুব যোৱাৰ পৰা কথমপি নিজক বচাই আনিলে সি।
:কৈ যা...শুনি আছোঁ।
: ক'বলৈ নতুনকৈ তোক একো নাই।সেই একেবোৰ কথাই,সেই একেই জীৱনে কৰা প্ৰতাৰণাবোৰৰ কথাই মনলৈ আহি থাকে এতিয়া,ক'তো মন বহাব পাৰা নাই,লিখিম বুলি ভাবিও পৰা নাই লিখিবলৈ,লিখিমেই বা কি?
:কিয়? লিখিবলৈ একো নোহোৱা হ'ল নেকি তোৰ?
:ঠিক তেনেকুৱাই?
:মানে......?
:মানে আৰু কি;একো প্লট বিচাৰি পোৱা নাই।ন'ষ্টৰী,নাথিং নিউ...জাষ্ট নাথিং...!
:চকুৰ আগত বিচাৰিলেই হাজাৰটা প্লট ওলাব নীলা।
:হয়তো...
:তেন্তে?
:নাজানো!একো নাজানো।মে বি আই,নিড টু চি এ চাইকা...।
:আই থিংক এট প্ৰেজেন্ট ,ইউ নিড টু বি শ্লীপ।
:হুমমম......গুডনাইট।
:শুই যা,কাইলৈ লগ পাম,ভালকৈ পাতিম।
ফোনটো কাটি থ'লে সি।জানে সি,নীলাক অলপ টোপনিৰ প্ৰয়োজন।প্ৰায়েই এনে হয়,সাংঘাতিক ভাৱে ভাঙি পৰে তাই।আকৌ ঠিক হয়,নৰ্মেল হয়।
কথাবোৰ সহজ নাছিল।সৰুতেই মাক-বাপেকক হেৰুওৱা তাই আইতাকৰ সৈতেই ডাঙৰ-দীঘল হৈছিল।এদিন আইতাকো গুছি গৈছিল।
তাইৰ দুয়োকাষে থিয় দিছিল অভিনৱ আৰু সি।সুখী আছিল তাই।কিন্তু সেয়াই যেন হেপ্পী এনডিং নাছিল।
আৰু এদিন...এদিন অভিনৱো গুছি গৈছিল তাইক নিঠৰুৱা কৰি! হেৰাই গৈছিল সি।বাইক এক্সিডেন্টে ক্ষত বিক্ষত কৰা অভিৰ শৰীৰটোক চাবলৈ সাহস নাছিল তাইৰ।
এৰা কথাবোৰ সহজ নাছিল;মুঠেও নাছিল।
এতিয়া নীলাৰ জীৱনটোত আপোন বুলিবলৈ সি আৰু অনাথ আশ্ৰম খনৰ শিশুবোৰ।সিহেঁতেও যেন বুজি পায় নীলাৰ অভাৱৰ কথা।সেয়ে হয়তো সিহঁতেও আৱৰি ৰাখিব খোজে তাইক।
নটিফিকেচনৰ টিউনটোত প্ৰায় উচপ খাই উঠিল পাৰ্থ।কথাবোৰ ভাৱি ভাৱিয়েই যে ইমান সময়পাৰ হৈ গ'ল ভৱাই নাছিল সি!
চেহ! ৰাতি খাবলৈও একো এটা ৰন্ধা নহ'ল।হোৱাটচ্এপটো খুলি ল'লে সি; নীলাৰ এটা মেছেজ...।
"মই প্লট পালো পাৰ্থ ।তই ঠিকেই কৈছিলি।চকুৰ সন্মুখতেই আছিল প্লট।লিখিম।নিজৰ কথাৰেই আৰম্ভ কৰিম এখন উপন্যাস।মোৰ আশ্ৰমৰ শিশুবোৰৰ কথা লিখিম।সিহঁতক জীয়াই তুলিম মোৰ কলমত।মা-পাপাৰ অকৃত্ৰিম ভালপোৱাৰ কথা লিখিম....আৰু শেষত লিখিম তোৰ নিঃস্বাৰ্থ মৰম আৰু বন্ধুত্বৰ কথা।প্ৰত্যেকটো ভাঙি পৰা মুহূৰ্তত ধৰি ৰাখিছ তই।শুই যাওঁ এতিয়া।কাইলৈৰ পৰা কথা বোৰ নতুনকৈ ভাৱিম।লাভ ইউ...চি ইউ টুমৰ',গুডনাইট"
সেয়া তাই নতুনকৈ আকৌ এবাৰ জী উঠিল! বুকুখন ভৰি পৰিল তাৰ;লাহেকৈ সিও শুই দিলে।
তেতিয়ালৈ ৰাতিটোৱেও বাগৰ সলাইছিল...॥
Comments
Post a Comment