_ভুল_
সৰু মামীয়েকৰ কথাবোৰ শুনি এখন্তেকৰ বাবে মৌন হৈ পৰিছিল প্ৰিয়ঙ্কা ৷
আচলতে দোষবোৰ কাৰ; মৃত মোমায়েক নে সময়বোৰ?
কিমান বছৰৰ আগৰ কথা বাৰু!তাই নিজৰ মনতে জুকিয়াই চালে। সময় বোৰে এখন ছায়াছবিৰ দৰেই তাইৰ মনত ডোলা দি গ'লহি।
ধনে ধানে ভৰপূৰ এখন ঘৰ,কি নাছিল দুৱৰা পৰিয়ালত। এটা বৃহৎ অট্টালিকা।তাৰ সমান্তৰাল ভাবে কেইবাখনো গাড়ী,চাহৰ বাগানকে ধৰি অলেখ স্থাৱৰ অস্থাৱৰ সম্পত্তি।
প্ৰিয়ঙ্কাৰ আজিও মনত পৰে ককাকে কোৱা সেই কথাবোৰলৈ;কিদৰে তেওঁ সৰু এটা চাকৰিৰে তিনিটা ল'ৰা ছোৱালীৰ সংসাৰখন ধৰি ৰাখিছিল। ডাঙৰ কৰিছিল প্ৰিয়ঙ্কাৰ মাক আৰু দুজন মোমায়েকক।
সেই কথাবোৰ এতিয়া তেনেই পুৰণি তথাপিও এতিয়া ঘটি থকা ঘটনাবোৰে বাৰুকৈয়ে তাইক মনত পেলাই দিছে ককাকৰ কথাবোৰ।
সহজ সৰল তাইৰ ককাকৰ মুখখনে বাৰেপতি আমনি কৰিছে হি তাইক।তাই মাকে আতোলতোলকৈ সজাই থোৱা ককাকৰ ফটৌখনলৈ চালে।এইমাত্ৰ যেন ফটোখনৰ পৰা ককাক ওলাই আহিব....
_"প্ৰিয়া তোৰ মাৰ আৰু মোমায়েক দুটাক বৰ কষ্টত ডাঙৰ কৰিছিলো নিজে নাখায় খুৱাইছিলো;মাত্ৰ বিচাৰিছিলো সিহতঁবোৰ মানুহ হওক, কিন্তু আজি চাচোন ........"
সেইদিনাই ডাঙৰ মোমায়েকে ককাকৰ অমতত বিয়া কৰাই আনিছিল। ককাকে মানি ল'ব পৰা নাছিল...সেইদিনাই দুভাগ হৈছিল এখন ঘৰ। পাটসিয়া চৰাই এজনীৰ দৰে ঘৰখনকো ফাটি জোৱা পাত এখিলাৰ দৰে সীঁবলৈ গৈও ককাক ব্যৰ্থ হৈছিল প্ৰতিবাৰে।
তথাপিও ককাকৰ আশা আছিল অন্তত সৰুজন তেওঁৰ সৈতে থাকিব। তেওঁক চোৱা চিতা কৰিব। বৃদ্ধ বয়সত আশ্ৰয় হ'ব সি তেওঁৰ। কিন্তু ভবামতেই জানো কথাবোৰ হয়?আশাবোৰ যেন হতাশ হ'বলৈহে কৰা হয়!
ভবাকথাবোৰ ঠুনুকা হৈ পৰে সময়ৰ আগত। সময়ে কৰা প্ৰতাৰণাবোৰৰ আগত তেনেই নীচ ভবা কথাবোৰ। ভাঙি চূৰমাৰ হৈ যায় অনেক সপোন;কিম্বা আশা। বুজে এই কথাবোৰ তাই ভালকৈয়ে বুজে।
এদিন এই সময়বোৰেই কাঢ়ি নিছিল তাইৰ বুকুৰ আপোন মানুহজনক ; তাইৰ দেউতাকক, সেই সময়ক পাহৰিব তাই কোনোদিন নোৱাৰে।
_"মোৰ বিশ্বাস আছিল,সৰুৱে মোক নিৰাশ নকৰিব বুলি;তথাপিও জানো ক'ত ভুল হৈ গ'ল মোৰ"
কম দুখ পাইছিল নে সেইদিনা ককাকে। ইমান মৰমত ডাঙৰ কৰা সেই সৰুৱেই মাতাল হৈ ঘৰ সোমাইছিল;আৰম্ভ হৈছিল অন্য এক নাটকৰ।
ডিগ্ৰী পাছ কৰি সৰুৱে ব্যৱসায় আৰম্ভ কৰিছিল; ঘৰখেন যেন নতুন কৈ প্ৰাণ পাইছিল তাৰ হাতত। দৰিদ্ৰতাবোৰ যেন আঁতৰি গৈছিল। ব্যৱসায়ৰ লাভ আছিল শিখৰত। অলপ দিনতেই কেঁচা ঘৰ ঠাইত গঢ় লৈ উঠিছিল এটি বৃহৎ অট্টালিকাৰ।
সকলোবোৰ ঠিকেই আছিল। প্ৰিয়ঙ্কাৰ ককাক আইতাক সুখী আছিল। সময়ত নিজৰ পচন্দতেই সৰু মোমায়েকৰ বিয়া হৈছিল। প্ৰায় চাৰিদিনলৈ বিয়া অন্ত হোৱা নাছিল।হয়তো সেই গাঁওৰ মানুহে প্ৰথমবাৰলৈ ইমান এটা ডাঙৰ আয়োজন দেখিছিল।
সৰু মামীয়েক দেখাই শুনাই চকুত লগা আছিল। সেই বিয়াৰ প্ৰথম দিনৰে পৰাই প্ৰিয়ঙ্কাক নিজৰ ভনীয়েকৰ দৰে মৰম কৰিছিল। তাইৰ মনতো তেওঁৰ প্ৰতি আছিল অসীম শ্ৰদ্ধা।
প্ৰিয়ঙ্কা বুজন ছোৱালী ৷ মামীয়েকে প্ৰায় সকলোবোৰ কথাই তাইৰ আগত কৈছিল যেতিয়াই প্ৰিয়ঙ্কা ককাকৰ ঘৰলৈ গৈছিল। মামীয়েকক কোনোদিন বিষন্ন দেখা নাছিল তাই তথাপিও কিয় জানো এনে লাগিছিল যেন কৰবাত তেওঁ বৰ অকলশৰীয়া।
সময়ৰ লগে লগে মোমায়েকৰ ব্যৱসায় বৃদ্ধি পাইছিল ,তাৰ লগে লগেই ঘৰখনত স্থিতি লৈছিল মদ-জুৱাৰ খেল। মামীয়েকৰ হাজাৰবাৰ বুজনৰ পাছতো মোমায়েকে শুনা নাছিল।বাঢ়ি আহিছিল অশান্তি আৰু মানসিক অত্যাচাৰ।
এটা সময়ত ককাকে সহিব নোৱাৰি জীৱনৰ শেষ উশাহ লৈছিল। ইমানৰ পাছতো মোমায়েকৰ জ্ঞান অহা নাছিল।
দিনক দিনে মদে যেন গিলি পেলাইছিল তেওঁক। টকা-পইছা,গাড়ী সকলোবোৰ উচৰ্গিত হৈছিল জুৱাৰ নামত। বাকী ৰৈছিল মাত্ৰ ঘৰটো আৰু এদিন সেয়াও মোমায়েকে নীলাম কৰিছিল।
সৰুতেই দেউতাকক হেৰুওৱা প্ৰিয়াই চাকৰি এটা পোৱাৰ পাছত ঘৰখনত কেৱল তাই আৰু মাক। এদিন মোমায়েক মামীয়েকক আৰু আইতাকক লৈ আনিছিল তাই সিহঁতৰ ঘৰলৈ .... উপায়হীন হৈ।
অৱশ্যে সেয়াই শেষ নাছিল, সময়ৰ প্ৰতাৰণা তেতিয়াও বাকী আছিল, অতিৰিক্ত মদ্যপানৰ বাবে মোমায়েকৰ হাওঁ ফাওঁ নষ্ট হৈ পৰিছিল আৰু এদিন তেঁও অকাল মৃত্যুক সাবতি লৈছিল। বাকী ৰৈ গৈছিল মামীয়েক আৰু আইতাক।
প্ৰিয়ঙ্কাই ভাবিছিল মামীয়েক হয়তো ভাগি যাব,সাজু আছিল তাই তেওঁক সাহস দিবলৈ কিন্তু মামীয়েকৰ চকুত সেইদিনা এটোপাল ও চকুপানী নাছিল। শোকত বিধবস্ত হৈ মামীয়েকৰ মাজত এক লৌহ মানৱে স্থিতি লৈছে বুলি ভাবি লৈছিল প্ৰিয়ঙ্কাই।
সময়বোৰ এইদৰেই পাৰ হৈছিল আৰু এদিন হঠাৎ মামীয়েকে সিদ্ধান্ত লৈছিল এটা নতুন ভাৰাঘৰত থকাৰ কথা। ইমান দিন একেলগে থকাৰ পাছত সিহঁত সকলোকে এৰি অকলে গুচি যাবলৈ ওলোৱা মামীয়েকৰ সিদ্ধান্তত তাই আচৰিত হোৱাৰেই কথা ৷
প্ৰিয়ঙ্কা বিয়া হৈ যোৱাৰ পাছত মামীয়েক আৰু আইতাকেই মাকৰ লগ হব বুলি ভাবি তাই নিশ্চিন্ত হৈ আছিল ৷ হঠাৎ মামীয়েকৰ এই সিদ্ধান্তত তাইৰ মুখৰ মাত হৰিছিল ৷ সেইদিনা প্ৰিয়াই প্ৰথম বাৰৰ বাবে কথাবোৰ বুজি পোৱা নাছিল...
" প্ৰিয়া, তোৰ পৰা একো লুকুৱাই নাৰাখো মই। তই হয়তো ভাবিছ এগৰাকী স্বামীহাৰা মহিলাৰ দৰে কিয় মই ব্যৱহাৰ কৰা নাই? কিন্তু যিজন মানুহৰ প্ৰতি মোৰ কোনোদিন একো নাছিলেই তেঁওৰ বাবে মই কিয় কান্দিম? তোৰ মোমায়েৰৰ পৰা কোনোদিন কোনো ধৰণৰ সুখ পোৱা নাছিলো। মাতাল হৈ যেতিয়া ৰাতিবোৰত তেওঁমোক কোনো জন্তুৰ দৰে বখলিয়াইছাল চিঞৰিছিলো মই, নাই তেঁওৰ কাণসাৰ নাছিল কোনোদিন।জোৰ কৰি মোক বিয়া পাতিছিল।দুখীয়া আই পিতাইৰ মুখলৈ চাই মই মান্তি হৈছিলো আৰু তাতেই মোৰ ভুল আছিল। নিচাত পাগল হৈ তেঁও যেতিয়া মোক শাৰিৰীক অত্যাচাৰ চলাইছিল আহিছিল নে কোনো এজন গাওঁৰ মানুহ আগবাঢ়ি? আজি তেন্তে মই তেওঁলোকৰ আগত লাজ বদনামৰ কথা কিয় ভাবিম? ঠিকেই শুনিছ তই;মই প্ৰেমত পৰিছো এজন পুৰুষৰ আৰু সেয়ে সিদ্ধান্ত লৈছো স্বাধীন হোৱাৰ;আৰু নাটক মোৰ দ্বাৰা সম্ভৱ নহয়।মই জীৱনটো আকৌ আৰম্ভনিৰ পৰা সজাব খোজো মোক বাধা নিদিবি প্ৰিয়া ।কেতিয়াবা আহিবি এটা ল'বলৈ..."
সেয়া এইমাত্ৰ মামীয়েক গুচি গ'ল নতুন জীৱন এটাৰ সন্ধানত,প্ৰিয়াই একো নামাতিলে,হয়তো কিবা এটা ক'ব পৰাকৈ তাইৰ ওচৰত কোনো উত্তৰ নাছিল।,
তাই ভাবি ৰ'ল মাত্ৰ ...ভুলবোৰ কাৰ আছিল!মানুহবোৰৰ নে সময়ৰ....
Comments
Post a Comment