Skip to main content

Posts

Showing posts from June, 2021

ভুল -The Mistake

  _ভুল_                                             সৰু মামীয়েকৰ কথাবোৰ শুনি এখন্তেকৰ বাবে মৌন হৈ পৰিছিল প্ৰিয়ঙ্কা ৷ আচলতে দোষবোৰ কাৰ; মৃত মোমায়েক নে সময়বোৰ? কিমান বছৰৰ আগৰ কথা বাৰু!তাই নিজৰ মনতে জুকিয়াই চালে। সময় বোৰে এখন ছায়াছবিৰ দৰেই তাইৰ মনত ডোলা দি গ'লহি। ধনে ধানে ভৰপূৰ এখন ঘৰ,কি নাছিল দুৱৰা পৰিয়ালত। এটা বৃহৎ অট্টালিকা।তাৰ সমান্তৰাল ভাবে কেইবাখনো গাড়ী,চাহৰ বাগানকে ধৰি অলেখ স্থাৱৰ অস্থাৱৰ সম্পত্তি। প্ৰিয়ঙ্কাৰ আজিও মনত পৰে ককাকে কোৱা সেই কথাবোৰলৈ;কিদৰে তেওঁ সৰু এটা চাকৰিৰে তিনিটা ল'ৰা ছোৱালীৰ সংসাৰখন ধৰি ৰাখিছিল। ডাঙৰ কৰিছিল প্ৰিয়ঙ্কাৰ মাক আৰু দুজন মোমায়েকক। সেই কথাবোৰ এতিয়া তেনেই পুৰণি তথাপিও এতিয়া ঘটি থকা ঘটনাবোৰে বাৰুকৈয়ে তাইক মনত পেলাই দিছে ককাকৰ কথাবোৰ। সহজ সৰল তাইৰ ককাকৰ মুখখনে বাৰেপতি আমনি কৰিছে হি তাইক।তাই মাকে আতোলতোলকৈ সজাই থোৱা ককাকৰ ফটৌখনলৈ চালে।এইমাত্ৰ যেন ফটোখনৰ পৰা ককাক ওলাই আহিব.... _"প্ৰিয়া তোৰ মাৰ আৰু মোমায়েক দুটাক বৰ কষ্টত ডাঙৰ কৰিছিলো নিজে নাখায় খুৱাই...

প্লট -The Source

  ৰেডমি নট্ ফৰ্ ফোনটোৰ স্ক্ৰীনখনত জিলিকি উঠা নামটো দেখি খৰধৰকৈ ফোনটো ৰিচিভ কৰিলে সি। জানে সি ৰিচিভ কৰোতে আৰু অলপ দেৰি হোৱা মানেই এসোপা গালিৰ বৰষুণ...! : অ'...ক'চোন? : ক'ত আছিলি ইমান দেৰি? চাহৰ কাপটোত চুমুক মাৰি ফোনটো ইকাণৰপৰা সিকাণলৈ ল'লে পাৰ্থই। : চাহ একাপ বনাই আছিলো অ...কৈ যা। : কি ক'ম? : আৰে তই যে এনেই ফোন নাই কৰা,সেইটো মই ভালদৰে জানো। ক'..কি নতুন সমস্যা? :একো লিখিব নোৱাৰা হৈছো!আজিও প্ৰায় তিনিঘন্টা বহি থাকিলো কাগজ কলম লৈ। কিন্তু নাই...এটা শব্দওচোন নিগৰি নাহিল! নীলাৰ কথাবোৰ শুনি পাতলকৈ হাঁহি এটা তাৰ ওঁঠেৰে বাগৰি গ'ল। চাহৰ কাপটো থৈ বহল খিৰিকীখনৰ ওচৰলৈ গৈ থিয় হ'ল সি। আৰামী চকী খনত দীঘল দি বহি পৰিল। এৰা,যথেষ্ট ভাগৰ লাগিছে তাৰ। দিনৰ দিনটো অফিচৰ কাম সোপা কৰাৰ পাছত আবেলিৰ এই সময়কণত সি শুবলৈ ভালপায়।আজি পিছে শোৱাৰ কথা সি ভবাও নাই। নীলাৰ ফোন অহা মানেই দুই তিনিঘন্টাৰ কথোপকথন। তথাপিও নীলাৰ বাবে সদায়েই প্ৰস্তুত সি।যিকোনো সমস্যা শুনিবৰ বাবে। নীলাজনী যে তাৰ বুকুৰ আপোন। :কিবা এটা ক'....পাৰ্থ,মনে মনে নাথাকিবি। :হুমমমম...! :কি হুমমম।কথা ক পাৰ্থ;কথা। :নীলা,তোক মই বে...