_ভুল_ সৰু মামীয়েকৰ কথাবোৰ শুনি এখন্তেকৰ বাবে মৌন হৈ পৰিছিল প্ৰিয়ঙ্কা ৷ আচলতে দোষবোৰ কাৰ; মৃত মোমায়েক নে সময়বোৰ? কিমান বছৰৰ আগৰ কথা বাৰু!তাই নিজৰ মনতে জুকিয়াই চালে। সময় বোৰে এখন ছায়াছবিৰ দৰেই তাইৰ মনত ডোলা দি গ'লহি। ধনে ধানে ভৰপূৰ এখন ঘৰ,কি নাছিল দুৱৰা পৰিয়ালত। এটা বৃহৎ অট্টালিকা।তাৰ সমান্তৰাল ভাবে কেইবাখনো গাড়ী,চাহৰ বাগানকে ধৰি অলেখ স্থাৱৰ অস্থাৱৰ সম্পত্তি। প্ৰিয়ঙ্কাৰ আজিও মনত পৰে ককাকে কোৱা সেই কথাবোৰলৈ;কিদৰে তেওঁ সৰু এটা চাকৰিৰে তিনিটা ল'ৰা ছোৱালীৰ সংসাৰখন ধৰি ৰাখিছিল। ডাঙৰ কৰিছিল প্ৰিয়ঙ্কাৰ মাক আৰু দুজন মোমায়েকক। সেই কথাবোৰ এতিয়া তেনেই পুৰণি তথাপিও এতিয়া ঘটি থকা ঘটনাবোৰে বাৰুকৈয়ে তাইক মনত পেলাই দিছে ককাকৰ কথাবোৰ। সহজ সৰল তাইৰ ককাকৰ মুখখনে বাৰেপতি আমনি কৰিছে হি তাইক।তাই মাকে আতোলতোলকৈ সজাই থোৱা ককাকৰ ফটৌখনলৈ চালে।এইমাত্ৰ যেন ফটোখনৰ পৰা ককাক ওলাই আহিব.... _"প্ৰিয়া তোৰ মাৰ আৰু মোমায়েক দুটাক বৰ কষ্টত ডাঙৰ কৰিছিলো নিজে নাখায় খুৱাই...