Skip to main content

প্লেটনিক্ প্ৰেম(A tale of Platonic Love)

প্ৰকাশ: #__সাপ্তাহিক_জনমভূমি(12/02/2020)

|| প্লেট'নিক প্ৰেম ||

স্নেপশ্বট ১:

এটা অন্ধকাৰ গুহাৰ ভিতৰত হাবাথুৰি খাই আছে তাই। চাৰিওফালে কিলবিলাই আছে কেইবাখনো ক'লা ক'লা হাত। হাত কেইখন তাইৰ কাষলৈ বগাই আহে। টানি আজুৰি চেপি পেলাব খোজে। উশাহ ল'ব নোৱাৰি তাই চিঞৰি উঠে "আহ্ আহ্...ন'...প্লি...প্লিজ...প্লিজ মোক নুচুবা... যাবলৈ দিয়া...এৰি দিয়া....না...আহ!!!!!!!"

:মাজনী কি হৈছে তোৰ!! কিয় এনেকৈ চিঞৰিছ? কিবা বেয়া সপোন দেখিলি?

 দেউতাৰ মাতত বিচনাখনত উঠি বহিলো মই। কি হৈছিল মোৰ??

:নাই পাপা! একো নাই...জাষ্ট এ ড্ৰীম মে বি!
:ইউ চিয়ৰ ইউ আৰ অকে?
:য়েচ পাপা...তুমি শোৱা গৈ।

দেউতা ৰুমটোৰ পৰা ওলাই যোৱালৈকে চাই থাকিলো মই।
আকৌ সেই পেনিক্!  নিজক এবাৰ চুই চালো; এই হাড় কপোৱা জাৰৰ দিনত কপালত মোৰ বিন্দু বিন্দু ঘাম। মুখখন ধুই আহি বহি থাকিলো বহুত পৰ একেথৰেই।

আজি প্ৰায় পোন্ধৰ বছৰ ধৰি দেখি অহা সেই একেই সপোন(?)
আৰু এসপ্তাহৰ পিছত মোৰ বিয়া।

পেছাত ইঞ্জিনিয়াৰ দৰা ৰাহুল যথেষ্ট অমায়িক ল'ৰা। কথাবোৰ এবাৰ আকৌ ভাবিলো। এসপ্তাহৰ পাছত মোৰ বিয়া। ঠিক তাৰ পাছতেই আৰম্ভ হ'ব শৰীৰৰ খেলা নিতৌ নিশা। কিন্তু মই? মই কেনেকৈ....!
বিষত যেন মূৰটো ফাটি যাব মোৰ! টোপনি অহা গ'ম নাপালো মই।

স্নেপশ্বট ২)

আজি আমাৰ ফুলশয্যাৰ নিশা। অথচ ৰাহুলৰ পৰা দুহাত আঁতৰত শুই আছো মই। আমাৰ মাজত কেইবাটাও গাৰু।

"কথা দিলো বাসৱী, তোমাৰ অনুমতিৰ অবিহনে তোমাৰ ছাঁটোৱোও নগছকো মই"

মিচিকিয়াই হাঁহিছিলো,এইজনেই মোৰ সহযোদ্ধা!
সময় গৈ থাকে…

স্নেপশ্বট ৩)

:বাসৱী;ইমান দূৰত্ব কিয় আমাৰ মাজত? বিয়াৰ চাৰিমাহ হৈ গৈছে অথচ আজিলৈকে তোমাৰ কপালত এটি চুমা আঁকি দিবলৈও মোৰ অনুমতি নাই। কিয় বাসৱী?
: আই নিড্ চাম মৰ্ টাইম ৰাহুল। শুই যোৱা মোৰ মূৰটো খুব বিষাইছে।

স্নেপশ্বট ৪)

আকৌ সেই গুহা; চাৰিওপিনে কেইবাখন ও হাত!
 ন' ...প্লিজ....লিভ্ মি! এৰি দিয়া মোক...দুখ পাইছো; উফ ...ন'...প্লিজ্....!!!!!

:বাসৱী...! কি হৈছে তোমাৰ?
:হা…? নাথিং ৰাহুল। হয়তো কিবা বেয়া সপোন দেখিছিলো। চৰি মিছাই ডিষ্টাৰ্ব দিলো তোমাক।
:শুই যোৱা। গুড নাইট।
  আকৌ ...আকৌ সেই একেই পেনিক্!এইদৰে কেতিয়ালৈকে...! বাথৰুমলৈ গৈ হৰহৰাই বমি কৰিলো। চকুৱে মুখে পানী চতিয়াই আহি পুনৰ বিচনাখনত বাগৰি দিলো।

দুহাত আঁতৰত সেয়া মোৰ স্বামী শুই আছে।

স্নেপশ্বট ৫)

আঠুলৈকে পৰি থকা ফুটফুটিয়া ফ্ৰক পিন্ধা,মাক নোহোৱা এজনী ছোৱালী। বাপেকৰ যেন কলিজাৰ টুকুৰাটো!

:আজি যে কিমান ফূৰ্তি লাগিব ন' পাপা। আমি পিকনিক্ খাম।
:উম...মোৰ দেহাজনী,খুব ভাল লাগিব। যোৱা আইতা মামীহেঁতক হেল্প কৰি দিয়া তুমি,নহ'লে মোমায়েকৰ ঘৰলৈ আহি বহি বহি খালে বুলি জোকাব সবেই....হেঃ হেঃ! যোৱা যোৱা।

:টিকলি যোৱাচোন চবজি কটা মেচিনটো লৈ আনাগৈ,মামা আছে ঘৰতে তেওঁ দিব।
:অকে মামী...কিন্তু মই টিকলি নহয়,মোৰ নাম বাসৱী।
:ইচচ...হ'ব যোৱা মোৰ গোঁসানজনী!

স্নেপশ্বট ৬)

:মামা মামা! মামীয়ে সেই...মামা কি কৰিছা! মোৰ মুখত সোপা দিছা কিয়! ক'লৈ লৈ গৈছা মোক চকুকেইটা খুলি দিয়া মোৰ প্লিজ...মোৰ ভয় লাগিছে।

বিচনা এখনত নি শুৱাই দিছিল মোক তেওঁ। মোৰ গালে মুখে উপচাই দিছিল চুমা।
"চিঃ মামা তুমি ইমান লেতেৰা গোটেই মোৰ গালত থুঃ লগাই দিলা।"
মোৰ বাঢ়িবলৈ ধৰা বুকুখন সেইদিনা তেওঁ পিটিকি দিছিল জোৰকৈ...মোহাৰি দিছিল তেওঁৰ হাত মোৰ নিতম্ব কিম্বা পিঠিত। লাহে লাহে অনুভৱ কৰিছিলো এক কঠিন মাৰিসদৃশ ক্ৰমশঃ ডাঙৰ হৈ অহা কিবা এটাৰ হেঁচা মোৰ গুপ্তাংগত। দুখ পাই খুব  চিঞৰিছিলো অথচ মোৰ চিঞৰ কাৰো কাণত পৰাগৈ নাছিল।

তাৰপাছত কেইবাদিনো তেনেকুৱা হৈছে। কোনো নথকাৰ সুযোগ লৈ মামাই কেইবাদিনো মোৰ বুকু পিঠি মোহাৰি দিয়া মোৰ মনত আছে এতিয়াও। যৌৱনত ভৰি দিয়াৰ পাছত বুজি উঠিছিলো কিহৰ চিকাৰ হৈছিলো মই। সেইদিনাৰ পৰা আইতাৰ ঘৰলৈ যোৱা বন্ধ কৰিলো।

স্নেপশ্বট ৭)

:বাসৱী...মই কাষত বিচাৰো তোমাক। তোমাৰ বুকুত মূৰ গুজি শুব খোজো এপলক। কিয় মোক কাষ চাপিবলৈ নিদিয়া তুমি। কিয় আমাৰ মাজত ইমান দূৰত্ব।
:একেবোৰ কথাকেই দোহাৰি নাথাকিবা ৰাহুল। আই টল্ড্ ইউ আই নিড টাইম...!
:টাইম...আৰু কিমান টাইম?
:নাজানো!

সেই নিশা বহু চেষ্টা কৰি নিজক বুজাই ৰাহুলৰ কাষ চাপিলো। ৰাহুলে সাবটি লৈ চুমা দিছিল কপালত...গালত...লাহেকৈ ওঁঠত! আৰু হঠাৎ চিৎকাৰ কৰি উঠিলো মই।
:মই নোৱাৰো ৰাহুল। প্লিজ মোৰ কাষলৈ নাহিবা...কাবৌ কৰিছো তোমাক প্লিজ ডণ্ট্ টাচ্ছ্ মি...প্লিজ!

চিঞৰি চিঞৰি কান্দিছিলো মই...ভয়ত শংকাত কিম্বা দুখত।
ৰাহুলে সেইদিনা বহু দেৰিলৈকে বেলকনিত বহি চিগাৰেট্ হুপিছিল।
নিজকে পাপী যেন লাগে মোৰ তেনে সময়ত!

স্নেপশ্বট ৮)

:বাসৱী...মোক খুলি কোৱা।
:কি ক'ম?
:নজনাৰ ভাও নধৰিবা। কি লুকুৱাইছা মোৰ পৰা? নে তুমি মোক ভালেই নোপোৱা? যদি কোনোবা প্ৰাক্তন প্ৰেমৰ কথা তেতিয়াও তুমি মোক কোৱা। মাত্ৰ মোক খুলি কোৱা বাসৱী। এইদৰে মই পাগল হৈ যাম।
:তেনেকুৱা একো নাই ৰাহুল। মোৰ কোনো পৰকীয়া প্ৰেম নাই।
:তেন্তে এনেকুৱা কি আছে যাৰ বাবে মই তোমাৰ কাষ চাপিলেই চিৎকাৰ কৰি উঠা তুমি। কি আছে এনেকুৱা যাৰ বাবে ইমান শংকিত হোৱা তুমি মোৰ স্পৰ্শত।
:ৰাহুল...
:কোৱা বাসৱী কোৱা...প্লিজ কোৱা।
: একো নাই!

স্নেপশ্বট ৯)

: চি ৰাহুল...মই তোৰ কেছটো ষ্টাডী কৰিছো। জেন'ফ'বিয়াৰ (genophobia)কেচ! মে বি বাসৱী কোনো চেক্সুৱেল টৰচাৰ্ ৰ ভুক্তভুগী;যাৰ বাবে তাই এই ফ'বিয়াৰ চিকাৰ হ'ব লগীয়া হৈছে।

কফি কাপত চুমুক দি ৰাধাই কথাবোৰ বুজাই গ'ল মোক। স্কুলত একেলগে পঢ়া ৰাধা এতিয়া এগৰাকী নামজ্বলা  চাইকাষ্ট্ৰিটচ।

:তাই বিচাৰিলেও তাই সেই ভয়ক জয় কৰিব পৰা নাই,হয়তো সময় লাগিব। মে বি চি নিডচ্ মেন্টেল চাৰ্পট এণ্ড লট্ অৱ আনকণ্ডিচনেল লাভ কিন্তু স্পৰ্শৰ অবিহনে। আডাৰৱাইজ্ ইট কুড বি হাৰ্মফুল ফৰ্ হাৰ্ যদিহে এইদৰে তাই পেনিক্ পাই থাকে।

:বুজিছো। আই ৱিল্ টেক কেয়াৰ অফ হাৰ।

স্নেপশ্বট ১০)

আপোনমনে ৰাহুলে ভৰাই তোলে ডায়েৰীৰ পৃষ্ঠা...

'মই জানো মই অলপ ইন্ট্ৰভাৰ্ট! হয়তো বাসৱীক বুজাই ক'ব নোৱাৰিম তাইক প্ৰথম মা-দেউতাৰ সৈতে চাবলৈ যোৱাৰ দিনাৰ পৰাই যে তাইৰ প্ৰেমত পৰিছিলো মই। তাইক ক'ব নোৱাৰিম যে স্পৰ্শ নকৰাৰৈও তাইক ভালপাব পাৰিম আজীৱন। কথাবোৰ জটিল কিন্তু অসম্ভৱ নহয়। মই সুস্থ কৰি তুলিম তাইক'

স্নেপশ্বট ১১)

:বাসৱী মই অফিচ যাওঁ...বাই।
:অকে বাই।
:অহ! শুনা।
:কোৱা?
:নাই...এনেয়ে...একোনাই।

ৰাহুল ওলাই যোৱাৰ পাছত মবাইলটো লৈ বহি থাকিলো অলপ পৰ। লক্ষ্য কৰিছো সেইদিনাৰ পাছৰ পৰা ৰাহুলে মোক একো কোৱা নাই সেই বিষয়ত, যেন একো হোৱাই নাছিল।

তাইৰ নিজকে তাহানিতে আইতাকৰ মুখত শুনা সেই দুষ্ট দৈত্যটোৱে বন্দী কৰি থোৱা ৰূপকথাৰ ৰাজকুমাৰীজনীৰ দৰে লাগিল।
  তেজৰ উপত্যকাৰ পৰা তাইৰ চিঞৰো শুনা নাপায় তাইৰ পৰা হাজাৰ মাইল দূৰৈত থকা ৰাজকোঁৱৰৰে। ৰূপকথাৰ দৰে তাইৰ ৰাজকোঁৱৰে উদ্ধাৰ কৰিব নোৱাৰে তাইক। এটা আঁত বিচাৰি নোপোৱা অংকৰ সমাধান সূত্ৰ বিচাৰি তাই ভাগৰি পৰে।

Comments

Popular posts from this blog

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...

মেটামৰ্ফ'ছিছ(Metamorphosis)

%মেটামৰ্ফ'ছিছ% প্ৰকাশ: সাপ্তাহিক জনমভূমি ============ প্ৰায় দুঘন্টা ধৰি টেবুলৰ কাষত বহি থকাৰ পাছত উচাট মাৰি উঠি গুচি আহিলো বাহিৰলৈ...নাই আজিও একো লিখা নহ'ল! আজি কেইবামাহ ধৰি এয়াই হৈ আহিছে; মই যেন হেৰাই গৈছো ক'ৰবাত। সিখনৰ পাছত সিখন ডায়েৰীৰ ফালি পেলোৱা পৃষ্ঠাই ডাষ্টবিন শুৱনি কৰিছে। বাহিৰত ৰ'দ নাই।মোৰ মনটোৰ দৰেই বতৰটোও গোমা। হয়তো অলপ পাছত বৰষুণ দিব। ঠাণ্ডা নামিছে অলপকৈ। শ্বল্ এখন লৈ ওলাই আহিলো মই। অলপ বহিবলৈ মন গ'ল;এনেয়ে অলপ সময় একো নভবাকৈ! কিন্তু নভবাকৈ জানো থাকিব পাৰি? মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ খুবেই যে কঠিন! একাপ চাহ খাম নেকি?অথবা একাপ ব্লেক্ কফি? নাই নাখাওঁ...এনেয়েই নিদ্ৰাহীনতাত ভুগিছে আকৌ তাত নতুনকৈ অৰিহণা যোগাবলৈ ইচ্ছা নগ'ল মোৰ। পেনিক্ ডিচঅৰ্ডাৰ এণ্ড হুৱাট্ নট্! ভাবিবলৈ মন নগ’ল মোৰ। থাকক...অলপ সময় এইদৰেই বহা যাওঁক। কথাবোৰ আওঁৰাই থাকিবলৈ ভাল লাগে এইদৰেই। দূৰত কৰবাত হয়তো শেৱালি সৰিছে; সুবাস এটা আহি নাকত লাগিল মোৰ। ঠিক তেনেতেই ফোনটো বাজি উঠিল!অনিচ্ছা সত্ত্বেও জনপ্ৰিয় আলোচনীখনৰ সম্পাদকৰ ফোনটো ৰিচিভ কৰিলো। :কিবা লিখা হ'লনে? : নাই দাদা! :আচলতে তোমাৰ হৈছে কি...