Skip to main content

Posts

Showing posts from August, 2020

প্লেটনিক্ প্ৰেম(A tale of Platonic Love)

প্ৰকাশ: #__সাপ্তাহিক_জনমভূমি(12/02/2020) || প্লেট'নিক প্ৰেম || স্নেপশ্বট ১: এটা অন্ধকাৰ গুহাৰ ভিতৰত হাবাথুৰি খাই আছে তাই। চাৰিওফালে কিলবিলাই আছে কেইবাখনো ক'লা ক'লা হাত। হাত কেইখন তাইৰ কাষলৈ বগাই আহে। টানি আজুৰি চেপি পেলাব খোজে। উশাহ ল'ব নোৱাৰি তাই চিঞৰি উঠে "আহ্ আহ্...ন'...প্লি...প্লিজ...প্লিজ মোক নুচুবা... যাবলৈ দিয়া...এৰি দিয়া....না...আহ!!!!!!!" :মাজনী কি হৈছে তোৰ!! কিয় এনেকৈ চিঞৰিছ? কিবা বেয়া সপোন দেখিলি?  দেউতাৰ মাতত বিচনাখনত উঠি বহিলো মই। কি হৈছিল মোৰ?? :নাই পাপা! একো নাই...জাষ্ট এ ড্ৰীম মে বি! :ইউ চিয়ৰ ইউ আৰ অকে? :য়েচ পাপা...তুমি শোৱা গৈ। দেউতা ৰুমটোৰ পৰা ওলাই যোৱালৈকে চাই থাকিলো মই। আকৌ সেই পেনিক্!  নিজক এবাৰ চুই চালো; এই হাড় কপোৱা জাৰৰ দিনত কপালত মোৰ বিন্দু বিন্দু ঘাম। মুখখন ধুই আহি বহি থাকিলো বহুত পৰ একেথৰেই। আজি প্ৰায় পোন্ধৰ বছৰ ধৰি দেখি অহা সেই একেই সপোন(?) আৰু এসপ্তাহৰ পিছত মোৰ বিয়া। পেছাত ইঞ্জিনিয়াৰ দৰা ৰাহুল যথেষ্ট অমায়িক ল'ৰা। কথাবোৰ এবাৰ আকৌ ভাবিলো। এসপ্তাহৰ পাছত মোৰ বিয়া। ঠিক তাৰ পাছতেই আৰম্ভ হ'ব শৰীৰৰ খেলা ন...