Skip to main content

বিষমবাহু(Decide your angle)

_বিষমবাহু_


কঁকাললৈকে বৈ পৰা চুলিকোঁচা পিটিকি মোহাৰি মায়াই ৰ'দত বহি আছিল । আঘোণৰ ৰ'দ । বৰ টান নহয় । কোমল ৰ'দজাকত তাই চুলিকোঁচা ৰ'দাই আছিল । এই চুলিকোঁচা মায়াৰ বুকুৰ আপোন, কলিজাৰ এফাল ! বৰ আতোলতোলকৈ তাই চুলিকোঁচা  প্ৰতিপালন কৰে । সৰুতে জবা ফুলেৰে মূৰ ধোৱাৰ পৰা এতিয়া বিউটি পাৰ্লাৰৰ দামী স্পালৈকে একো বাদ দিয়া নাই তাই ।

"মায়া তুমি এই চুলিকোঁচা কোনোদিনেই চুটি নকৰিবা...প্লিজ"
'কিয়...ইমান ভালপোৱা ?'
"বহুত...."
'আৰু মোক ?'
"তুমিয়েইতো সকলো"

....
এৰা, কিমান ভাল পাইছিল মেঘে তাইৰ চুলিকোঁচা ! লগ পালেই চুই থাকিবলৈ বিচাৰিছিল সি....কিমান আমনি কৰিছিল সি তাইক চুলিবোৰৰ জঁট লগাই...অথচ আজি?

থাকক....কথাবোৰ কথা হৈয়েই থাকক...
কিমাননো একেবোৰ কথাকেই আওৰাব তাই....সকলোবোৰ কথাই এক সীমাত বন্দী; ধৈৰ্য্য থকালৈকে থাকক, আজিকালি কথাবোৰ এনেকৈয়ে এৰি দিয়ে তাই; সময়ৰ হাতত...

'ঐ ছোৱালী....ভাত দিবিনে ?নে শুদা পেটেই থাকিম আজি ? দিনৰ দিনটো কেৱল বহি থাকিবি, কাম এটা নকৰ'...তোৰ বাপেৰৰ ঘৰ পাইছিলি, হা...!!'
মেঘৰ চিঞৰত কঁপি গ'ল তাইৰ শৰীৰ । কোনোমতে অলপ সাহস গোটাই তাই ক'লে-
"ভাত হৈয়েই আছে ; তুমি বাথৰুমত আছিলা বাবেহে মই....."
'চুপ....!!!'
.....ঠিক এটা জন্তুৰ দৰেই সি চোঁচা মাৰি আহিল তাইৰ ওচৰলৈ আৰু এটা সময়ত তাইৰ গালত পৰিল এটা পূৰ্ণহতীয়া চৰ । কথমপি পৰি যোৱাৰ পৰা ডাইনিঙৰ চকীখনত খামুচি থিয় হৈ ৰ'ল তাই আৰু তাৰ পাছতেই তাইৰ দীঘল চুলিকোঁচাত ধৰি সি প্ৰায় চোঁচৰাই আনিলে তাইক বেডৰুমলৈ...বিচনাখনত তাইক থেকেচা মাৰি থৈ তাইৰ হাত দুখন আৰু ভৰিকেইটা আনদিনাৰ দৰেই বান্ধি পেলালে সি...

"চাল্লা...তাই বেটিয়ে মোৰ মুখত কথা কয় ! তই চিনি পোৱা নাই মোক ? চাই থাক কি কৰো আজি !"

এটা হিংস্ৰ হায়েনাৰ দৰেই সি বখলিয়াই পেলালে তাইৰ কোমল শৰীৰ । তাইৰ বক্ষযুগলৰ ওপৰত তাৰ হিংস্ৰ নখ, দাঁতৰ চিন জিলিকি উঠিছিল, তাই কষ্টত চিঞৰিছিল, প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল প্ৰতিটো কামোৰ, নখৰ আঁচোৰ.. কিন্তু সি তাইৰ হাজাৰ চিঞৰ, বাধা নেওঁচি শুহি থাকিলে গাভৰু শৰীৰৰ সৰ্বস্ব তেজ।

তাৰ পাছতেই তাইৰ বান্ধি থোৱা হাতদুখন খুলি দিলে সি । তাই ভৰিকেইটাৰ বান্ধ খুলি চিটিকি পৰা ব্লাউজটো পিন্ধি লৈ চাদৰখন টানি উঠি আহিল তাৰ কাষৰ পৰা। আজিকালি এনেকুৱাই হয়; প্ৰত্যেক দিনাই এনেধৰণৰ শাৰীৰিক অত্যাচাৰ । প্ৰত্যেক দিনাই ধৰ্ষিতা হয় তাই !

গাটো ধুই ল'লে তাই। চুলিৰ গুৰিবোৰৰ প্ৰচণ্ড বিষ এটাই মূৰটো আচন্দ্ৰাই নিলে তাইৰ । নিজকে সংযত কৰি মেঘলৈ ভাত কেইটা বাঢ়িবলৈ ল'লে।

ৰুমৰ পৰা মেঘ ওলাই আহিল;আলফুলে আহি তাইক পিচফালৰ পৰা সাবটি ধৰিলে, তাইৰ ডিঙিত মুখখন ঘঁহাই সি কৈ থাকিল....

"উফ তোমাৰ চুলিকোঁচা মায়া....আই এম্ চৰি মায়া, তুমিতো জানাই মুখত কথা ক'লেই মই বেয়া পাওঁ, কিয় খং উঠোৱা তুমি মোৰ....জানাইচোন খঙত সব পাহৰি পেলাও মই; তথাপিও তোমাৰ চুলিকোঁচা দেখিলেই মই পাগল হৈ যাওঁ...উফ মায়া! তুমি কেৱল মোৰ।"

  ....এটা শব্দও উচ্চাৰণ নকৰিলে তাই । আচৰিতো নহ'ল তাই প্ৰথম দিনাৰ দৰে। মেঘ এনেকুৱাই; তাই বুজি নাপায় আচলতে এইবোৰ তাৰ মৰম নে অত্যাচাৰ ।

যিকোঁচা চুলিৰ বাবে সি এইমাত্ৰ পাগল হৈ থকাৰ কথা ক'লে অথচ সেই চুলিকোঁচাত ধৰিয়েই নিতৌ আজিৰ দৰেই আঁজুৰি নিয়ে তাইক । পশুৰ দৰে অত্যাচাৰ কৰে আৰু তাৰ পাছতেই সি শান্ত হৈ পৰে....আলফুলকৈ সাবটি ধৰি থাকিব খোজে তাইক ।
তাই নাজানে তাই কি কৰি আছে । সহি আছে দিনে ৰাতিয়ে সেই একেবোৰ অত্যাচাৰ ।

তাই বাঢ়ি দিয়া ভাতকেইটা খাই অফিচলৈ বুলি ওলাই গ'ল মেঘ।

'উফ! কেইঘন্টামানলৈ শান্তি অন্ততঃ'
কথাকেইষাৰ মনতে উচ্চাৰণ কৰি অলপ সকাহ পালে তাই ।
গাটো অৱশ হৈ পৰিছিল তাইৰ । আগনিশাও তাৰ উৎপাতত তাই ওৰে নিশা শুব পৰা নাছিল ।

বিচনাখনত গাটো এৰি দি অলপ টোপনি যাবলৈ চেষ্টা কৰিলে তাই ।
পিছে নাই....টোপনিবোৰেও হয়তো লগ এৰা দিছে তাইক ।
চকুদুটা মুদিলেই ভাহি আহে তাইৰ চুলিকোঁচাত ধৰি সি তাইক চোঁচৰাই নিয়া দৃশ্যবোৰ ।

সিহঁতৰ বিয়া হোৱা ছমাহ হৈছেহে মাত্ৰ আৰু এই ছয়টা মাহত তাক চিনি পাবলৈ আৰু কিবা বাকী আছে বুলি নাভাবে তাই ।

'মোৰ লগত বিয়া হ'বানে মায়া ? তোমাৰ এই চুলিকোঁচা এৰি এক মূহূতৰ্তও মই থাকিব নোৱাৰা হৈছো মায়া'

চিনাকী হোৱাৰ প্ৰায় দুমাহ পাছতেই তাইক আচৰিত কৰি সি তাইলৈ আগবঢ়াই দিছিল প্ৰেম কিম্বা বিবাহৰ প্ৰস্তাৱ ।
আৰু তাই ? ওৰে নিশা ভাবিছিল তাই কেনেকৈ কোনো পুৰুষে তাইৰ চুলিকোঁচাক ইমান ভাল পাব পাৰে ।

হাঁহিমুখে তাই আঁকোৱালি লৈছিল তাক, সৰুতেই মাক দেউতাকক হেৰুৱাই নিথৰুৱা হোৱা মেঘক মৰমেৰে উপচাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল তাই নিজক।

বিয়াৰ পাছৰ প্ৰথম এমাহ ঠিকেই আছিল। ফুলশয্যাৰ নিশাৰ দৰেই বিশেষ কৰি তুলিছিল সি প্ৰতিটো নিশা তাইৰ বাবে । ওৰে নিশা তাইৰ চুলিকোঁচাক বুকুত লৈ সি টোপনি গৈছিল । সময়বোৰ ভাল লগা আছিল ।

আৰু ঠিক এমাহৰ পিছতেই আৰম্ভ হৈছিল কাজিয়াবোৰ । তেনেই সাধাৰণ কথাবোৰত সি হাত তুলিবলৈ আৰম্ভ কৰিছিল তাইৰ ওপৰত । তাইৰ অনিচ্চাসত্ত্বেও শাৰীৰিক উৎপীড়ন চলাইছিল সি তাইৰ ওপৰত । বাৰে বাৰে নিজৰ সংগী
বুলি বাচি লোৱা মানুহজনৰ ওচৰতেই ধৰ্ষিতা হৈছিল এগৰাকী নাৰী । কথাবোৰ সহজ নাছিল ।

আৰু লাহে লাহে কথাবোৰ অভ্যাসত পৰিণত হৈছিল ।
বিচনাখনৰ পৰা উঠি আহিলে তাই । নাই, তাই শুব নোৱাৰিলে ।

অলপ বাহিৰলৈকে ওলাই যাব নেকি তাই ? কিজানি অলপ মনটো ভাল লাগেই ।

শাৰীখন পিন্ধি ল'লে তাই । মেঘৰ অত্যাচাৰে চিন বহুৱাই থৈ যোৱা গালদুখনত পাৰেমানে ফাউণ্ডেচন এসোপা লেপি ল'লে তাই ।
পাৰি জানো মানুহৰ আগত এই দাগবোৰ দেখুৱাব ?

তাই নাজানে তাই ক'লৈ গৈ আছে । মাত্ৰ ৰাষ্টাটোৰে খোজকাঢ়ি গৈ থাকিল তাই ।
চাহৰ গুমটি এখনৰ ওচৰত ৰৈ একাপ চাহ খুজিলে তাই ।

কিমান দিনৰ পাছত এইদৰে মুক্ত আকাশৰ তললৈ তাই  ওলাই আহিছে তাই নাজানে !
তাই নাজানে কিমান মাহৰ পাছত তাই মুকলিকৈ উশাহ লৈছে ।

চাহকাপ শেষ কৰি আকৌ খোজ ল'লে তাই আৰু অলপ পাছতেই এঠাইত ৰৈ গ'ল তাই...

"লেডিচ্-পাৰ্লাৰ"

কিবা এটা ভাবি সোমাই গ'ল তাই, গৈয়েই বহি দিলে খালী হৈ থকা চকী এখনত । সন্মুখৰ পাৰ্লাৰৰ আইনাখনত স্পষ্টকৈ জিলিকি পৰিল তাইৰ মুখমণ্ডলৰ অসহ্যৰ ৰেখাবোৰ ।

'মেম...কি কৰিব লাগিব আপোনাক । থ্ৰেডিং, ফেচিয়েল নে অন্য কিবা'
"হেয়াৰ কাট্; কাটি দিয়া চুলিকোঁচা, যিমান পাৰি সিমান চুটিকৈ।"

Comments

Popular posts from this blog

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...

মেটামৰ্ফ'ছিছ(Metamorphosis)

%মেটামৰ্ফ'ছিছ% প্ৰকাশ: সাপ্তাহিক জনমভূমি ============ প্ৰায় দুঘন্টা ধৰি টেবুলৰ কাষত বহি থকাৰ পাছত উচাট মাৰি উঠি গুচি আহিলো বাহিৰলৈ...নাই আজিও একো লিখা নহ'ল! আজি কেইবামাহ ধৰি এয়াই হৈ আহিছে; মই যেন হেৰাই গৈছো ক'ৰবাত। সিখনৰ পাছত সিখন ডায়েৰীৰ ফালি পেলোৱা পৃষ্ঠাই ডাষ্টবিন শুৱনি কৰিছে। বাহিৰত ৰ'দ নাই।মোৰ মনটোৰ দৰেই বতৰটোও গোমা। হয়তো অলপ পাছত বৰষুণ দিব। ঠাণ্ডা নামিছে অলপকৈ। শ্বল্ এখন লৈ ওলাই আহিলো মই। অলপ বহিবলৈ মন গ'ল;এনেয়ে অলপ সময় একো নভবাকৈ! কিন্তু নভবাকৈ জানো থাকিব পাৰি? মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ খুবেই যে কঠিন! একাপ চাহ খাম নেকি?অথবা একাপ ব্লেক্ কফি? নাই নাখাওঁ...এনেয়েই নিদ্ৰাহীনতাত ভুগিছে আকৌ তাত নতুনকৈ অৰিহণা যোগাবলৈ ইচ্ছা নগ'ল মোৰ। পেনিক্ ডিচঅৰ্ডাৰ এণ্ড হুৱাট্ নট্! ভাবিবলৈ মন নগ’ল মোৰ। থাকক...অলপ সময় এইদৰেই বহা যাওঁক। কথাবোৰ আওঁৰাই থাকিবলৈ ভাল লাগে এইদৰেই। দূৰত কৰবাত হয়তো শেৱালি সৰিছে; সুবাস এটা আহি নাকত লাগিল মোৰ। ঠিক তেনেতেই ফোনটো বাজি উঠিল!অনিচ্ছা সত্ত্বেও জনপ্ৰিয় আলোচনীখনৰ সম্পাদকৰ ফোনটো ৰিচিভ কৰিলো। :কিবা লিখা হ'লনে? : নাই দাদা! :আচলতে তোমাৰ হৈছে কি...