_বিষমবাহু_ কঁকাললৈকে বৈ পৰা চুলিকোঁচা পিটিকি মোহাৰি মায়াই ৰ'দত বহি আছিল । আঘোণৰ ৰ'দ । বৰ টান নহয় । কোমল ৰ'দজাকত তাই চুলিকোঁচা ৰ'দাই আছিল । এই চুলিকোঁচা মায়াৰ বুকুৰ আপোন, কলিজাৰ এফাল ! বৰ আতোলতোলকৈ তাই চুলিকোঁচা প্ৰতিপালন কৰে । সৰুতে জবা ফুলেৰে মূৰ ধোৱাৰ পৰা এতিয়া বিউটি পাৰ্লাৰৰ দামী স্পালৈকে একো বাদ দিয়া নাই তাই । "মায়া তুমি এই চুলিকোঁচা কোনোদিনেই চুটি নকৰিবা...প্লিজ" 'কিয়...ইমান ভালপোৱা ?' "বহুত...." 'আৰু মোক ?' "তুমিয়েইতো সকলো" .... এৰা, কিমান ভাল পাইছিল মেঘে তাইৰ চুলিকোঁচা ! লগ পালেই চুই থাকিবলৈ বিচাৰিছিল সি....কিমান আমনি কৰিছিল সি তাইক চুলিবোৰৰ জঁট লগাই...অথচ আজি? থাকক....কথাবোৰ কথা হৈয়েই থাকক... কিমাননো একেবোৰ কথাকেই আওৰাব তাই....সকলোবোৰ কথাই এক সীমাত বন্দী; ধৈৰ্য্য থকালৈকে থাকক, আজিকালি কথাবোৰ এনেকৈয়ে এৰি দিয়ে তাই; সময়ৰ হাতত... 'ঐ ছোৱালী....ভাত দিবিনে ?নে শুদা পেটেই থাকিম আজি ? দিনৰ দিনটো কেৱল বহি থাকিবি, কাম এটা নকৰ'...তোৰ বাপেৰৰ ঘৰ পাইছিলি, হা...!!' মেঘৰ চিঞৰত কঁপি গ'ল তাইৰ শৰীৰ । ক...