Skip to main content

মেটামৰ্ফ'ছিছ(Metamorphosis)

%মেটামৰ্ফ'ছিছ%
প্ৰকাশ: সাপ্তাহিক জনমভূমি

============

প্ৰায় দুঘন্টা ধৰি টেবুলৰ কাষত বহি থকাৰ পাছত উচাট মাৰি উঠি গুচি আহিলো বাহিৰলৈ...নাই আজিও একো লিখা নহ'ল!

আজি কেইবামাহ ধৰি এয়াই হৈ আহিছে; মই যেন হেৰাই গৈছো ক'ৰবাত। সিখনৰ পাছত সিখন ডায়েৰীৰ ফালি পেলোৱা পৃষ্ঠাই ডাষ্টবিন শুৱনি কৰিছে।

বাহিৰত ৰ'দ নাই।মোৰ মনটোৰ দৰেই বতৰটোও গোমা। হয়তো অলপ পাছত বৰষুণ দিব। ঠাণ্ডা নামিছে অলপকৈ। শ্বল্ এখন লৈ ওলাই আহিলো মই।

অলপ বহিবলৈ মন গ'ল;এনেয়ে অলপ সময় একো নভবাকৈ! কিন্তু নভবাকৈ জানো থাকিব পাৰি? মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ খুবেই যে কঠিন!
একাপ চাহ খাম নেকি?অথবা একাপ ব্লেক্ কফি? নাই নাখাওঁ...এনেয়েই নিদ্ৰাহীনতাত ভুগিছে আকৌ তাত নতুনকৈ অৰিহণা যোগাবলৈ ইচ্ছা নগ'ল মোৰ। পেনিক্ ডিচঅৰ্ডাৰ এণ্ড হুৱাট্ নট্! ভাবিবলৈ মন নগ’ল মোৰ।

থাকক...অলপ সময় এইদৰেই বহা যাওঁক। কথাবোৰ আওঁৰাই থাকিবলৈ ভাল লাগে এইদৰেই।
দূৰত কৰবাত হয়তো শেৱালি সৰিছে; সুবাস এটা আহি নাকত লাগিল মোৰ।

ঠিক তেনেতেই ফোনটো বাজি উঠিল!অনিচ্ছা সত্ত্বেও জনপ্ৰিয় আলোচনীখনৰ সম্পাদকৰ ফোনটো ৰিচিভ কৰিলো।

:কিবা লিখা হ'লনে?
: নাই দাদা!
:আচলতে তোমাৰ হৈছে কি? আছি ছয়মাহ হৈ গ'ল একো লেখা নাই...এইদৰে কেনেকৈ চলিব পাৰিবা তুমি এইখন জগতত?
: লিখিম ভাবিও লিখিব নাই পৰা দাদা। যিবোৰ লিখিছো সেয়া জাবৰ য'ত মোৰ আত্মসন্তুষ্টি মুঠেই নাই।
: বুজন ছোৱালী তুমি। মোৰ ক'বলগীয়া খিনি মই ক'লো।
: ৰাখো দিয়ক। কিবা এটা কৰিম সোনকালেই।
:দেৰি নকৰিবা।

ফোনটো কাটি থ’লো।

এতিয়ালৈকে অহা তিনি নম্বৰটো ফোন ক'ল; কাৰণ একেটাই, লেখা লাগে।
কোনে বুজিব মই যে ক্ৰমশঃ হেৰুৱাই আছো নিজক; যুঁজি যুঁজি ভাগৰি গৈছো নিজৰ লগত। সেই সহস্ৰতা অভিমান কিম্বা ভগ্ন আশাই খুলি খুলি খাইছে মোক নিতৌ! ৰাতিবোৰ আৰু ভয়ংকৰ। নিদ্ৰাহীনতাৰ লগত যুঁজি পাৰ কৰা এক এক মিনিট কিমান কষ্টকৰ সেয়া কেনেকৈ বুজাওঁ? টোপনি যাব নোৱাৰা অশান্তিৰ কথা কোনবোৰ শব্দৰে  বাখ্যা কৰিম মই! চাৰিওফালে কেৱল প্ৰশ্ন প্ৰশ্ন আৰু প্ৰশ্ন! মোৰ মুখলৈ চাই উত্তৰৰ আশাত হেজাৰ প্ৰশ্ন!মোৰ উত্তৰ?

শূন্য! শূন্য সকলো।

জীৱনটো এনেকৈ কিয় জঁট লাগে? চিঙিব নোৱাৰা ভাঙিব নোৱাৰা কিছুমান জঁট। যাহ যাম নেকি মই এনেকৈয়ে এদিন!
মূৰটো গধুৰ হৈ আহিছে;উফ! কিয় ইমান যন্ত্ৰণা?এই যন্ত্ৰণাৰ পৰিসমাপ্তি ক'ত?নে ই মোকেই গিলি পেলাব এইদৰেই। উটি আছো কেৱল,ভাবৰ সাগৰখনত ডুবি গৈ কেতিয়া টোপনি গ'লো গম নাপালো। চিপচিপিয়া বৰষুণ জাকৰ শব্দত সাৰ পালো। অলপ তিতিবলৈ মন গ'ল বাৰুকৈয়ে।

ভিতৰলৈ সোমাই আহিলো। ঠিক এনেকুৱা এটা দিনতেই আজিৰ পৰা তিনিবছৰ আগত ওলাই আহিছিলো নিজৰ ঘৰখনৰ পৰা! নিজৰ স্থিতি নিজেই সবল কৰাল জেদ মনত লৈ। সফলো হৈছিলো। সকলো ঠিকেই আছিল। সৰু চাকৰিটোৰে চলি থাকিব পৰাকৈ সকলো আছিল মোৰ। নিজৰ লগত সুখী আছিলো। মন গ'লে কেতিয়াবা মা লৈ এটা ফোন কৰিছিলো। দেউতাৰ বাবে তেওঁ পছন্দ কৰা বিবাহৰ পাত্ৰজনক নাকচ কৰাৰ দিনাই মোৰ মৃত্যু ঘটিছিল তেওঁৰ মনত। সদায়েই তেওঁৱেই শুদ্ধ বুলি ভবা মোৰ দেউতাজন। নাই আক্ষেপ বুলিবলৈ মোৰ একো নাছিল দেউতাৰ বাবে আজিও মনত সেই একেই আদৰ সেই একেই সন্মান। মাত্ৰ নিজৰ জেদবোৰেই বাধ্য কৰাইছিল এইদৰে ঘৰৰ পৰা দূৰত আহি থাকিবলৈ নিজৰ মতে কেৱল।

সোনকালে শুই উঠাৰ স্বভাৱটো সৰুৰে পৰাই আছিল,ৰাতিপুৱাৰ সময়কণ কটাবলৈ যোগাসনৰ ক্লাচ জইন কৰিছিলো; নিজৰ শৰীৰ আৰু মনটোক ভালে ৰখাত অত্যন্ত সচেতন আছিলো মই। অথচ সেই একেই মইজনীয়েই এতিয়া ইটোৰ পাছত সিটো চিগাৰেট্ জ্বলাও, বেচিজিল এক জীৱন কটাওঁ  যত খোৱা শোৱা একোৰেই মোৰ হিচাপ নাই।

আজৰি সময়বোৰত নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছিলো,নিজে অপৈণত বুলি ভবা মোৰ আংবাংবোৰে যথেষ্ট আদৰ পাইছিল পাঠকৰ মাজত। লাহে লাহে ইখনৰ পাছত সিখন আগশাৰীৰ বাতৰিকাকত মেগাজিনত লিখিবলৈ লৈছিলো। নভৱাকৈয়ে যথেষ্ট প্ৰাপ্যও পাইছিলো। লাহে লাহে নিতৌ লিখিবলৈ লৈছিলো, ক'ৰবাত যদি ধাৰাবাহিক উপন্যাস ক'ৰবাত এক মিনিটৰ গল্প নতুবা ক'ৰবাত প্ৰবন্ধ নিবন্ধ কবিতা ইত্যাদি। সুখী আছিলো নিজৰ পৃথিৱীখনত।

তাৰোওপৰি ফেচবুকৰ জগতখনত লাহে লাহে যেন চেলিব্ৰেটি হৈ পৰিছিলো মই। মোৰ লেখাৰ বাবে অতি আগ্ৰহেৰে ৰৈ থকা মোৰ পাঠকসকল। তেওঁলোকৰ দাবীতেই থিৰাং কৰিছিলো এখন কিতাপ লিখাৰ কথা; অৱশ্যে সেই সপোন আছিল অতীজৰ মোৰ!

সকলোবোৰ চোন ঠিকেই আছিল, তেন্তে আউল ক'ত লাগিল নিজকে প্ৰশ্ন কৰো এতিয়া! উত্তৰ সেই একেটাই...  নাজানো!

ডায়েৰীখন মেলি ৰুদ্ৰৰ চিঠিখন উলিয়াই লৈ বহুত সময় ৰৈ থাকিলো।

সেইদিনা আছিল বুধবাৰ। পুৱাই পিয়নজনে আহি চিঠি এখন দিছিল। আজিৰ এই মোবাইল ইন্টাৰনেটৰ যুগত যে কোনোবাই মোলৈ চিঠি পঠিয়াব এই কথা মোৰ সপোনৰো অগোচৰ আছিল।

কিমান বছৰৰ আগৰ কথা বাৰু! নিজকে প্ৰশ্ন কৰিলো। চাৰি বছৰ! এই চাৰিটা বছৰ অৰ্থাৎ যোৱা আঠচল্লিশটা মাহে প্ৰায় প্ৰত্যেকটো মুহুৰ্তত বুকুত কঢ়িয়াই লৈ ফুৰিছো এই নামটি। ৰুদ্ৰ বৰফুকন!

গল্পৰ নামত দুই চাৰিটা আঁক মাৰিবলৈ আৰম্ভ কৰাৰ দিন আছিল তেতিয়া।দুই চাৰিখন আলোচনীৰ পৃষ্ঠাত ক'লা ক'লা আখৰবোৰত জিলিকি উঠিছিল মোৰ নামটো। উৎসাহেৰে পৰিয়ালৰ সকলোকে খবৰ দিছিলো। মায়ে শিক্ষাজীৱনৰ মানপত্ৰবোৰ ৰখা বাকচটোতে ভৰাই থৈছিল লেখা ওলোৱা আলোচনীবোৰ,যেন কিবা আপুৰুগীয়া সম্পত্তিহে সাঁচিছে!

সমান্তৰাল ভাবে সেই সময়চোৱাতেই চচিয়েল মেডিয়াৰ বতাহ জাকেও কোৱাইছিল আমাৰ প্ৰজন্মটোক।

এদিন হঠাতে ফেচবুকৰ নীলাভ উপত্যকাৰ পৰা উফৰি আহিছিল এক বন্ধুত্বৰ প্ৰস্তাব।একো নভবাকৈ গ্ৰহণ কৰিছিলো।

:তোমাৰ গল্পটো পঢ়িলো। ভাল লাগিল।
:অশেষ ধন্যবাদ আপোনালৈ,পঢ়ি থাকিব।

সেয়াই আছিল আৰম্ভণি।
তাৰ পাছতেই এদিন হাতত আহি পৰিছিল সেই বিশেষ চিঠিখন যিখন চিঠি এইমূহুৰ্তত মই খামুচি আছো বুকুত।

কি আছে এই চিঠিখনত!
এই চিঠিখনত আছে সেই একুৰি শব্দ যি জীপাল কৰি তুলিছিল মোক সেইদিনা।

ৰুদ্ৰই স্পষ্টভাৱে লিখিছিল তাত তেওঁৰ বুকুৰ অন্তেষপুৰৰ কথা। মাত্ৰ দুদিন মানৰ চিনাকী ফেচবুকৰ;মোৰ গল্প পঢ়ি শুভেচ্ছা পঠিওঁৱা এজন শুভাকাংক্ষীৰ বাদে তেতিয়ালৈকে একো নাছিল ৰুদ্ৰ মোৰ বাবে।অথচ সেই চিঠিখনে সেইদিনা মোক বিমোৰত পেলাইছিল। সৰ্বশৰীৰত কঁপনি তুলিছিল তাৰ এটি এটি শব্দই! মোৰ ভিতৰৰ মানুহজনীৰ সমস্তখিনি জোকাৰি পেলাব পৰাকৈ সামৰ্থ আছিল চিঠিখনৰ। নাভাবো বুলিও ভাবিবলৈ বাধ্য কৰাইছিল চিঠিখনে। কি দিম প্ৰত্যুত্তৰ ৰুদ্ৰৰ প্ৰস্তাৱৰ? পাৰিম নে কোন কাহানিবাই এৰি আহিছো বুলি ভাবিও এৰিব নোৱাৰা অতীতটোক পাহৰিব! কথাবোৰ সহজ মুঠেই নাছিল;ইতিমধ্যে বিশ্বাস শব্দটো মোৰ বাবে শেষ হৈ গৈছিল প্ৰায়। ৰামানুজে কৰা বিশ্বাসঘাটকতাবোৰৰ পাছত আকৌ নতুন এজনক বিশ্বাস কৰিব পৰাটো মোৰ বাবে কঠিন আছিল।

ৰামানুজ কাশ্যপ!প্ৰেম কি জনা নজনাৰে পৰা কেৱল ৰামানুজ। সেই শৈশৱৰ পৰা বুকুত লিখি লোৱা নামটো! আজিও মনত পৰে সেই একেলগে তাৰ সৈতে খোজকাঢ়ি স্কুললৈ যোৱা দিনবোৰৰ কথা।সময়বোৰ এইদৰেই বাগৰিছিল। যৌৱনত ভৰি দিয়া পাছত এদিন ৰামানুজেও ব্যক্ত কৰিছিল মোক ভালপোৱাৰ কথা। কিমান সুখী আছিলো সেইদিনা! এই যেন গোটেই সৰগখন মোৰ। কলেজ কেন্টিন কিম্বা লাইব্ৰেৰী একোতেই  অকলে বহিবলগীয়া নোহোৱা দিন আছিল সেইবোৰ। ৰামানুজৰ যথেষ্ট উচ্চকাংক্ষা আছিল যিটো মোৰ আটাইতকৈ বেছি পছন্দ হৈছিল অথচ সেই উচ্চকাংক্ষাই এদিন আঁতৰাই নিছিল ৰামানুজক মোৰ কাষৰ পৰা।

:মই দিল্লী লৈ যাম নিশা।
:দিল্লী?এইদৰে হঠাৎ?
:উম হয়তো আকৌ ঘূৰি নাহিম তাৰেই বাসিন্দা হ'ম।
: কিন্তু কিয়?
: তুমি জানাই নিশা মই সৰুৰে পৰা ধনী হোৱাৰ সপোন দেখিছো। ইতিমধ্যে  ডিগ্ৰী শেষ হৈছে, এতিয়া আৰু ইয়াত থাকি সময় নষ্ট কৰিব মই নোৱাৰো। দিল্লীত দেউতাৰ বন্ধু এজন আছে মই কথা পাতিছো তেওঁৰ সৈতে, হয়তো সৰুকৈ হ'লেও কিবা এটা চাকৰিৰ বন্দৱস্ত হৈ যাব। মই তাতে মাষ্টাৰ ডিগ্ৰী কৰিম আৰু পাৰ্ট টাইম জব।
: আৰু মই? মই কেনেকৈ থাকিম ইয়াত?
:ইমান আৱেগিক নহ'বা নিশা, ভৱিষ্যতটোৰ কথা ভাবা। মই যি কৰিছো আমাৰ বাবেই কৰিছো। দিল্লী লৈ গৈ তোমাক মই সদায়েই ফোন কৰিম আৰু যথা সময়ত মই আমাৰ সম্পৰ্কৰ কথা ঘৰত জনাম,তোমাৰ দেউতাৰ সৈতে কথা পাতিম।

একো নক'লো,কিবা কোৱাৰ প্ৰয়োজন হয়তো মুঠেই নাছিল কাৰণ ৰামানুজে ইতিমধ্যেই সকলোবোৰ নিজেই ঠিৰাং কৰি পেলাইছিল ইমানৰ পাছত আৰু কিবা নতুনকৈ ক'বলৈ প্ৰয়োজনবোধ নকৰিলে মই।

ঠিক তাৰ এসপ্তাহৰ পাছতেই ৰামানুজ গুচি গৈছিল দিল্লী লৈ বুলি।
সি দিয়া কথা মতেই নিতৌ ফোন কৰিছিল মোলৈ সি। সুখী আছিল সময়বোৰ।নতুনকৈ সৰু চাকৰি এটাত জইন কৰিছিলো মই। তাৰ পাছত?

“Good things doesn’t last forever” কৰবাত পঢ়া এই বাক্যশাৰী মনত ৰৈ গৈছিল। জীৱনটোত ঠিক তেনেকুৱাই হ’বলৈ আৰম্ভ হৈছিল মোৰ। সময়বোৰ বাগৰিছিল আৰু লাহে লাহে কথাবোৰ সলনি হৈছিল।

:ৰামানুজ আচলতে কথাবোৰ হৈছে কি?
: কি হৈছে নিশা? কি হোৱাৰ কথা কৈছা?
: তুমি মোক সুধিছা কি হৈছে? ঘন্টাৰ পাছত ঘন্টা ফোনটো ৱেইটিং অথচ মোলৈ এটা ফোন কৰিবলৈ তোমাৰ সময় নাই। আচৰিত!
: ইমান অধৈয্য কিয়? দৰকাৰী ফোন আছিল সেয়া।
:এৰা! দৰকাৰী ফোন।ৰাতি দুই বজাত!

ফোনটো কাটি দিছিলো। ইমান অৱহেলা ইমান মিছা! অসহ্য!

সেইদিনা গোটেই ৰাতি কেৱল কান্দিছিলো মই, ৰাতিপুৱাবৰ সময়ত চিলমিলকৈ অলপ টোপনি গৈছিলো হে ঠিক তেনেকুৱাতেই ফোনটোৰ নটিফিকেচনৰ শব্দত সাৰ পাই মবাইলটো খেপিয়াইছিলো।খুলি চাই দেখিছিলো ৰামানুজৰ মেছেজ।

"তোমাক কথাবোৰ লাহে লাহে জনাম ভাবিছিলো কিন্তু ভাবিছো তোমাক এতিয়াই জনাই দিয়া ভাল হ'ব। তুমি মোলৈ বাট নাচাবা। ইতিমধ্যে দেউতাৰ বন্ধুজনৰ জীয়েকৰ লগত মোৰ সম্পৰ্ক স্থায়ী যেন হৈ পৰিছে,খুড়াৰ বহুত অৱদান আছে মোৰ জীৱনত হয়তো তেওঁৰ সহায় নোহোৱা হ'লে ইমান সোনকালে দিল্লীত আহি স্থায়ীভাৱে জীৱন যাপন কৰাটো সহজ নহ'লহেতেন। মই তেওঁৰ কথা পেলাব নোৱাৰো। মোক পাহৰি যাবা। আমাৰ সম্পৰ্ক আৰু আগুৱাবলৈ মই নোৱাৰিম। প্লিজ মোক ফোন বা মেছেজ কৰি কামুৰ নিদিবা সেয়া মোৰ অনুৰোধ। মই সুখী তুমিও সুখী হোৱা মোৰ সুখত যদি সঁচায়েই মোক ভাল পাইছিলা। সম্ভৱতঃ এয়াই মোৰ তোমালৈ শেষ বাৰ্তা। গুডবাই।"

কিমান আঘাত পালে মানুহৰ কান্দোন নোলায়? কিমান আঘাত পালে লোটকবোৰ শুকায়? কিমান ভালপালে অনায়াসে যাবলৈ দিব পাৰি প্ৰিয়জনক?

নাকান্দিলো মই, মেছেজটো ডিলিট কৰি লাহেকৈ তাৰ ফোন নম্বৰটো ডিলিট কৰিছিলো।

সেইদিন  ধৰি হয়তো কান্দিবলৈ পাহৰি গৈছো, নিৰ্লিপ্ত হৈ পৰিছো,পাহৰি গৈছো দুখ অথবা সুখ কি!

সেই ঘটনাৰ দুবছৰ পাৰ হৈ গৈছে, অথচ স্মৃতিবোৰ আজিও তেনেই কেঁচা!
দুবছৰৰ পাছত  হঠাৎ সেই খন চিঠিয়ে সেমেকাই পেলাইছিল মোৰ দুচকু।

ফেচবুকটো খুলি দুদিনৰ পাছত ৰুদ্ৰক মেছেজ দিছিলো চিঠিখনৰ আঁত ধৰি। ফোন নম্বৰটো দি ৰুদ্ৰক কৈছিলো এবাৰলৈ ফোন কৰিবলৈ।

আবেলিলৈ এটা নতুন নম্বৰ ফোনৰ স্ক্ৰীণত জিলিকি উঠিছিল।

কিমান দেৰি কথা পাতিছিলো আমি সেইদিনা? দুই ঘন্টা? আস নহয়! হয়তো তিনি ঘন্টা ধৰি অৰ্নগল কৈ গৈছিলো তাক অতীতটোৰ কথা। চূৰ্ণ হৈ যোৱা আশা কিম্বা সপোনবোৰৰ কথা। বিশ্বাসঘাটকতাৰ কথা।
সি শুনি ৰৈছিল সকলোবোৰ নীৰৱে,হয়তো বুজিছিল মই প্ৰকাশ কৰিব নুখুজিলেও আজিও বুকুৰ কোনোবা এটা কোণত ৰামানুজ সজীৱ হৈ আছে,হয়তো কোনোবাখিনিত শূণ্য হৈ আছো মই!

শেষত সি মাত্ৰ কৈছিল;
:নিশা মই নাজানো মই তোমাৰ বিশ্বাসৰ যোগ্য হয়নে নহয়, মই নাজানো ৰামানুজে উদং কৰি থৈ যোৱা বুকুখন পূৰাবলৈ মই পাৰিমেই বা নাই তথাপিও কওঁ ভালপাওঁ তোমাক, তোমাৰ সমস্ত জনাৰ পাছত আঁকোৱালি ল'ব পাৰিম অনায়াসে তুমি যেনেকুৱা সেইদৰেই, কোনোদিন জোৰ কৰি নকওঁ ৰামানুজক পাহৰি পেলোৱা বুলি,মাত্ৰ মই আৱৰি ৰাখিব খোজো তোমাক আলফুলে তুমিজনীক সামৰি ৰাখিব খোজো।

কিমান দিনৰ পাছত কান্দিছিলো মই সেইদিনা! এৰা চকুপানীবোৰক চেপি ৰখা বহুবছৰ হৈ গৈছিল।
সিদ্ধান্ত লৈছিলো নতুনকৈ আৰম্ভ কৰিম জীৱনটো ৰুদ্ৰৰ সৈতে, হয়তো অলপ কঠিন হ'ব তথাপিও চেষ্টা কৰিম।

সেই সম্পৰ্ক আৰম্ভ হোৱা কিছুদিন পাছতেই ঘৰ এৰি গুচি আহিছিলো চিৰদিনলৈ বুলি।

নতুনকৈ আৰম্ভ হৈছিল সময়বোৰ, সুখী সুখী যেন লগা সময়বোৰ তথাপিও কোনোবাখিনিত মাজে মাজে ভাগি পৰিছিলো,হয়তো ৰামানুজ সজীৱ হৈয়েই আছিল মোৰ মন মগজুত। সম্ভৱতঃ হাজাৰ চেষ্টাৰ পাছতো ৰুদ্ৰক আঁকোৱালি ল'ব পৰা নাছিলো,ৰুদ্ৰক কাষত পোৱা সময়বোৰতো যেন
ৰুদ্ৰৰ কাষত নাছিলো। জানিছিলো, বুজিছিলো কিমান কষ্ট দিছো তাক। অথচ নিৰ্বিকাৰ;এই যেন ৰামানুজে কৰা বিশ্বাসঘাটকতাৰ প্ৰতিশোধ ৰুদ্ৰক কষ্ট দি ল'ব খুজিছিলো,ঠিক যেন বিদ্ৰোহী হৈ পৰিছিলো।
ৰুদ্ৰই বুজিছিল সকলোবোৰ অথচ মোৰ অৱহেলাবোৰক আওকাণ কৰি আঁকোৱালি ল'ব বিচাৰিছিল সি মোক,হয়তো এটাই মাথো বিশ্বাস লৈ যে এদিন সকলো ঠিক হ'ব!

সাহিত্যৰ জগতখনত মোৰ সফলতাত আটাইতকৈ বেছি হয়তো সিয়েই সুখী আছিল। এনেকুৱা এটাও মূহূৰ্ত নাছিল যিটো মূহূৰ্তত সি মোক উৎসাহিত কৰা নাছিল।
তাৰ বিপৰীতে মোৰ অৱহেলাবোৰে চূড়ান্ত পৰ্যায় পাইছিল,ইচ্ছা কৰিও সপি দিব পৰা নাছিলো ৰুদ্ৰৰ আগত নিজক। এদিন বুজি উঠিছিলো এইদৰে কোনো সুখী হ'ব নোৱাৰে,মই কোনোদিনেই ভালপাব নোৱাৰিব ৰুদ্ৰক। অৱশেষত সিদ্ধান্ত লৈছিলো সম্পৰ্কটো ইমানতেই শেষ কৰাৰ। থিৰাং কৰিছিলো অকলেই থাকিম মই যিদৰে ৰামানুজে এৰি যোৱাৰ পাছত আছিলো, কাৰো সান্নিধ্য নিবিচৰাকৈয়ে।

ৰুদ্ৰই তেতিয়াও একো কোৱা নাছিল। তাক চবতেই ব্লক্ কৰাৰ পাছত সি মাত্ৰ এখন চিঠি লিখিছিল মোলৈ।গোটা গোটা আখৰেৰে মাত্ৰ দুশাৰী বাক্য।

" জীৱনত যেতিয়াই মোক বিচাৰিবা মোক কাষত পাবা। মনত ৰাখিবা জীৱনটো ইয়াতেই শেষ নহয়"

বৰ বিশেষ গুৰুত্ব নিদিয়াকৈ পঢ়ি থৈ দিছিলো সেইখন। আলমাৰীৰ কোনোবা এটা চুকত এটা অদৰকাৰী বস্তুৰ দৰেই পৰি ৰৈছিল চিঠিখন।

তাৰ পাছতেই আৰম্ভ হৈছিল কঠিন সময়বোৰ। অকলে থকাৰ সিদ্ধান্ত যদিও নিজেই লৈছিলো তথাপিও পৰা নাছিলো সময়বোৰ পাৰ কৰিব,লাহে লাহে অনুভৱ কৰিছিলো ৰুদ্ৰৰ অনুপস্থিতি মোৰ জীৱনত অথচ ৰুদ্ৰৰ কাষলৈ পুনৰ ঘূৰি যোৱাৰ সাহস নাছিল মোৰ।হয়তো যোৱা নাছিল অনৰ্থক অভিমান কিম্বা জেদবোৰৰ বাবেই।

হঠাত জীৱনে আমুৱাইছিল মোক।ভাল নলগা হৈছিল একোকে। বাৰেপতি বিশ্বাসহীনতাৰ নাটকখনত একেবোৰ সংলাপ মাতি মই ভাগৰি পৰিছিলো। হাতখন নচলা হৈছিল লিখা পঢ়া সকলোবোৰ বাদ পৰিছিল যেন।

আৰু আজি এই পৰ্য্যায়ত আহি উপনীত হৈছো য’ত হয়তো মৃত্যুয়েই মোৰ মুক্তিৰ পথ। নাই এইদৰে আৰু থকা নাযায়। এই জীৱন অসম্ভৱ! অসম্ভৱ!

‘জেলিপ্লন’ৰ টেমাটো বিচৰাত লাগিলো মই। চকু দুটা মুদি এবাৰলৈ সকলোবোৰ স্মৰণ কৰি চালো। নাই একোৱেই ঠিক নাই জীৱনটোত। কেৱল জঁট!কেৱল জঁট!

হঠাৎ আলমাৰীৰ চুকত পৰি ৰোৱা কাগজ এটুকুৰাত চকু পৰিল। চাওঁ নাচাওঁ কৈ মেলি চালো কাগজখন।
চকুত পৰিল সেই গোটা আখৰেৰে লিখা দুটা বাক্য…

“জীৱনত যেতিয়াই মোক বিচাৰিবা মোক কাষত পাবা। মনত ৰাখিবা জীৱনটো ইয়াতেই শেষ নহয়"

বাৰে বাৰে পঢ়িলো শেষৰটো বাক্য। নাজানো দুই মিনিট আগলৈকে আত্মহননৰ কথা ভাবি থকা মইজনীৰ শৰীৰত হঠাৎ কৰ পৰা এক অজান শক্তিয়ে আহি থিতাপি ল’লে।

আৰু অলপ পাছত নিজকে কৈ উঠিলো
 "জীৱন সম্ভৱ! জীৱন সম্ভৱ!!


~কাৱেৰী কাশ্যপ বৰা।।

Comments

Post a Comment

Popular posts from this blog

Dear Ex!

  প্ৰিয় প্ৰাক্তন, ছয় ফুটৰ teddy bear এ আৱৰি ৰখা তোমাৰ পৃথিৱীৰ পৰা জুমি চালে দেখা পোৱা নাযায় জ্বাৰত ঠেৰেঙা লাগি কঁপি কঁপি ৰাষ্টাৰ কাষত শুই থকা অঘৰীৰ পৃথিৱী।  Carryminatiৰ ভিডিঅত অহা dislikeৰ সংখ্যা কেইটাক তুমি গালি পাৰি থকাৰ সময়ত মোৰ আঙুলি ব্যস্ত হৈ থাকে বান সাহাৰ্য্যৰ টোপোলা গণি গণি। নোৱাৰিলোঁ, তোমাৰ প্ৰিয় ব্লেক্ কফিৰ কাপত চুমুক দিওঁ মই তোমাৰ প্ৰিয় হৈ উঠিব নোৱাৰিলোঁ, কি কৰিবা লাল চাহত অভ্যস্ত হৈ পৰা জিভা! তুমি প্ৰেমময় কৰি তুলিব খোজা ৰাতিবোৰত মই চটফটাই আছিলোঁ আধৰুৱা গল্পৰ হেঁচাত,  লিখিব খুজিছিলো কোনো বিষণ্ণ নাৰীৰ উশাহৰ গল্প, বিচাৰিছিলো খুব বিচাৰিছিলো সেই নাৰী গৰাকী তুমি হৈ উঠা, অথচ বিচ্ছেদৰ পিছতো তুমি আজিলৈকে হয়তো বুজি নুঠিলা বিষণ্ণতাৰ সংজ্ঞাই বা কি!  টিকটিকিয়া ৰঙা পিন্ধি ধৰা দিয়া যেতিয়া দুচকু মুদি দিওঁ মই, ইমান ৰঙা? চকু ছাট মাৰি ধৰে মোৰ! ভৰিত চেণ্ডেল নথকা ফুটপাথৰ শিশুটোৱে দেখিছেনে ইমান ৰঙা কোনোদিনা?  তুমি কিয় আকাশী নীলা হ'ব নোখোজা? শেষ নোহোৱা বাট এটাত ৰৈ মই সপোন দেখোঁ সমাজে পিন্ধাই দুভৰিৰ শিকলি মোকলাই খোজ লয় ধৰ্ষিতা নাৰীয়ে। তোমাৰ সপোনত অচিন দেশৰ ৰাজকুমাৰ! মই সপো...

বগা বিচনা চাদৰ -THE WHITE BEDSHEET

  ।। বগা বিচনা চাদৰ ।। 'অৰ্ণৱ বিয়া হোৱাৰ আগেয়ে মই কিছুমান কথা তোমাক স্পষ্টভাৱে কৈ দিয়াটো ভাল হ'ব ভাবিলো,সেয়ে আজি হঠাৎ এইদৰে তোমাক লগ পাবলৈ বিচাৰিলোঁ।' "কোৱাচোন বাসৱী...এনে কি কথা আছে!" 'আচলতে তোমাক লগ পোৱাৰ আৰু ঘৰত আমাৰ সম্পৰ্কৰ কথা আগবঢ়াৰ অলপ দিন আগলৈকে মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত...' ...আৰু কিবা কোৱাৰ আগতেই বাসৱীৰ ওঁঠত আঙুলি এটা দি অৰ্ণৱে বাধা দিলে তাইক। "ইট্‌চ অকে বাসৱী;আৰু একো নক'বা...তোমাৰ বৰ্তমান আৰু ভৱিষ্যতটো মই হ'ব খোজো,তোমাৰ অতীতটোত কি আছিল বা নাই সেয়া জনাটো মোৰ বাবে জৰুৰী নহয় বাসৱী" প্ৰাপ্তিৰ হাঁহি এটাই বাসৱীৰ ওঁঠে দি লাহেকৈ বাগৰি গ'ল... আজি সিহঁতৰ ফুলশয্যাৰ নিশা। এটা নতুন জীৱনৰ আৰম্ভণিৰ কথা ভাবি বাসৱী বিচনাতেই বহি অপেক্ষা কৰি আছিল অৰ্ণৱ অহালৈ। তাইৰ অপেক্ষাক বেছি দীৰ্ঘ নকৰি অলপ পাছতেই সকলো বন্ধুক বিদায় দি অৰ্ণৱ কোঠাটোলৈ সোমাই আহিল আৰু তাইক আচৰিত কৰি আহিয়েই সি ইফালে সিফালে কিবা বিচৰাত লাগিল,যেন কোঠাটোত তাইৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই তাৰ। অৱশেষত অতিষ্ঠ হৈ তাই সুধি পেলালে তাক_ 'ইমানকৈ কি বিচাৰি আছা অথনিৰে পৰা অৰ্...